পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৩৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২০
অসমৰ বুৰঞ্জী


 আৰিমত্তৰ পাচতো তেওঁৰ বংশৰ ৰজাই কিছুমান বছৰ কামৰূপৰ এক অংশত ৰাজত্ব কৰিছিল; কিন্তু, তাৰ সামৰণ হােৱাত, শেহৰজনা ৰজাৰ আমােলত, ৰাজকাৰ্য্য সমুদ্ৰ নামেৰে মন্ত্ৰী হে চলাইছিল। সমুদ্ৰৰ পাচত, সেই ৰাজকীয় ক্ষমতা তেওঁৰ পুতেক মনােহৰৰ হাতত পৰে। তেওঁ সেই ক্ষমতা পায়েই পূৰ্ব্বৰ বিষয়াসকলক ভাঙি নিজৰ আত্মীয়-কুটুম্ব, বন্ধু-বান্ধৱ আদিক বিষয়-বাব দিবলৈ ধৰিলে। সেই নতুন বিষয়াবিলাকক কামৰূপ ৰাজ্যৰ সেই অংশত ঠায়ে ঠায়ে প্রতিনিধি শাসনকর্তা পতা হ'লত, সিবিলাক ভূঞা নামেৰে জনাজাত হয়। সেই সময়ত মনােহৰৰ দখল বিশ্বনাথলৈকে বিস্তাৰিত হৈছিল। মনােহৰৰ মৃত্যুৰ পাচত, তেওঁৰ লক্ষ্মী নামে এটি কন্যা মাথােন থাকিল। আৰু, তেৱেঁই ৰাজসিংহাসনত বহি পিতৃৰ ৰাজ্যত ৰাণী হয়। লক্ষ্মী ৰাণীক আৰিমত্তৰ বংশৰ সূৰ্য্য নামে এজন কোঁৱৰে বিয়া কৰায়। তাৰ ফলত, সিবিলাকৰ শান্তানু আৰু স্যমন্ত নামে দুটি যঁজা-পুত্র লাভ হয়। কালত শান্তানুৰ ফৈদৰ লহকৰ, কাব্যসী, পম, ৰায়, সলাল, শুক, টেটন, ধ্বজা, উজীৰ, সাবোল, ৰমাই আৰু শুমাই নামেৰে বাৰজন বংশধৰ প্ৰতাপী হৈ উঠে। কালত সিবিলাক “বৰ-বাৰভূঞা” নামেৰে অভিহিত হয়। স্যমন্তৰ ফৈদৰ কণ্বজবৰ, ৰঘু, মুকুন্দ, কদম্ব, সুৰথ, সুন্দৰ, সুশম, গৌৰ, ৰত্ন, মহাৰথ, লেপ্ আৰু কেপ্ নামে বাৰজন বংশধৰ প্ৰখ্যাত হৈ উঠে। ইবিলাক “সৰু-বাৰভূঞা” নামেৰে জনাজাত হয়। বুঢ়ী লক্ষ্মী ৰাণী জীয়াই থকা কালত সিবিলাকৰ দুয়াে ফৈদ একেলগে আছিল। কিন্তু, ৮৫ বছৰীয়া বয়সত, যেতিয়া লক্ষ্মী ৰাণীৰ পৰলােক হ’ল, তেতিয়াৰপৰা এই বংশ-পৰিয়াল ক্ৰমে বৈষ্ণৱ আৰু শাক্ত ধৰ্মৰ মতভেদ হেতুকে পৃথক্ হয়। স্যমন্তৰ মৃত্যুৰ পাচত, তেওঁৰ বংশধৰসকলে বৈষ্ণৱ ধৰ্ম্মত প্ৰৱৰ্ত্তিত হৈ, মহা প্ৰতাপেৰে শাসনকাৰ্য্য চলাবলৈ ধৰিলে। তেওঁবিলাকে ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে, এতিয়াৰ নগাওঁ অঞ্চলত, ৰামপুৰ নামে ঠাইত ৰাজধানী পাতিলে। ইফালে ককায়েক শান্তানুৰ ফৈদৰ বংশ-পৰিয়াল অঞ্চলৰ উত্তৰপাৰে ৰঙ্গগ্ৰাম নামে ঠাইত থিতাপিত হ'ল। কালত এই বৰ ফৈদে বুঢ়ীমাক লক্ষ্মী ৰাণীৰ নাম অনুসৰি সিবিলাকৰ ৰাজ্যৰ নাম লক্ষ্মীপুৰ ৰাখিলে। সেয়ে এতিয়াৰ উত্তৰ-লক্ষীমপুৰ। এই ফৈদ ঘোৰ শাক্ত আছিল। এই দৰেই “সৰু-বাৰভূঞা” আৰু “বৰ-ৰাৰভূঞা” দুয়াে ফৈদ নিজ নিজ বাহুবলেৰে ৰাজ্য শাসন কৰি, স্বৰ্ণপীঠৰ দক্ষিণ আৰু উত্তৰ দুয়ােপাৰে “ভূঞা-পােৱালি“ নামেৰে নিজৰ প্রভুত্ব বঢ়াবলৈ ধৰিলে।

 দক্ষিণপৰীয়া বাৰভূঞাৰ প্ৰৱল প্রতাপ সহিব নােৱাৰি, কুণ্ডিণ্ নগৰৰ চুটিয়া ৰজাই ৰামপুৰ নগৰ আক্ৰমণ কৰাইছিল, কিন্তু কৃতকার্য হ’ব নােৱাৰিলে। সেইদৰে কমতাপুৰৰ ৰজায়ো এবাৰ হাত মেলি চাই আকৌ কোঁচাই নিবলৈ বাধ্য হ'ল। তাপ পাচত, বাৰ-ভূঞাসকলে নিজক অসম প্ৰতাপী ভাবি গা-চালি দি উঠি চাৰিওফালে দিগ্বিজয় কৰিবলৈ ধৰিলে। এনেতে সৌমাৰৰ আহোম ৰজাই ফেৰ পাতি ধৰি বিষম বিজয়েৰে বাৰ-ভূঞাক যুদ্ধত ঘটাই বন্দী কৰালে; আৰু শদিয়াৰ শ্যামাকালী গোসাঁনীৰ আগত সিবিলাকক বলি দিয়াবলৈ স্থিৰ কৰিলে। পিচে বাৰ-ভূঞাই আহোম ৰজাৰ