পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৩০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৬
অসমৰ বুৰঞ্জী
 

অপৰিচিত পিতৃ ৰামচন্দ্ৰৰ ৰাজধানী আক্ৰমণ কৰেগৈ। মায়ামত্ত আৰু আৰিমত্তৰ মাজত তয়াময়া ৰণ লাগিল, আৰু সেই ৰণতে আৰিমত্তই পিতৃ ৰামচন্দ্ৰ বা মায়ামত্তক নিজহাতে বধ কৰে। পিচত, পিতা-পুত্ৰৰ সম্বন্ধ জনাজাত হোৱাত, আৰিমত্ত অত্যন্ত সন্তপ্ত হ'ল। তেওঁ পিতৃবধ-পাপ খণ্ডাবৰ অৰ্থে বিস্তৰ দান-যজ্ঞাদি (১) কৰি বিফল মনোৰথ হৈ, শেহান্তৰত পুতেক ৰত্নসিংহক ৰাজ্যভাৰ গতাই দি, নিজে বাণপন্থী হৈ জীৱনৰ শেহছোৱা কটাবলৈ বুলি ব্ৰহ্মপুত্ৰৰ দাঁতিত গহীন বনত মুক্তিপন্থা চিন্তি তপস্যাত বহিলগৈ। সেই অৱস্থাতে, তেওঁৰ পৰিনাতি জোঙ্গালবলহুৱে মৃগয়ালৈ যাওঁতে, হৰিণা বুলি ভাবি, নিজৰ হাতৰ শৰেৰে বিদ্ধ কৰি ধ্যানমগ্ন আৰিমত্তক বধ কৰিলে। (২)


মায়ামত্তৰ ৰাজ্যৰ সমমাজ পালেগৈ। সিমানলৈকে যে আৰিমতই পিতৃৰাজ্য হে জয় কৰি আহিছে, তাৰ সম্ভেদ তেওঁ পোৱা নাই। সিমানতে মায়ামত্তৰ সগৰ নামে মন্ত্ৰীয়ে ফেৰ পাতি ধৰিলে, আৰু তাতে এখন তয়াময়া ৰণ লাগিল। উপায়ান্তৰ হৈ, সগৰ মন্ত্ৰীয়ে শত্ৰু বিনাশৰ অৰ্থে নৈত বিহ দি পানী বিষাক্ত কৰাইছিল।সেই আপাহতে সেই মৈৰ নাম ‘বিষালি হয়; এতিয়াৰ বিহালি নৈয়েই সেই নৈ। ইতাৱসৰতে মায়ামত্ত হুঁহুকি গৈ আত্মৰক্ষাৰ্থে তেওঁৰ মায়াপুৰ নগৰৰ কোঠত সোমালগৈ। আৰিমত্তই তালৈকে খেদি গৈ, কোঁঠ অৱৰুদ্ধ কৰি, নিজ হাতৰ শেলেৰে মায়ামত্ত ৰজাক বিদ্ধ কৰিলে। প্ৰাণ যোৱাৰ আগতে, ৰাজনীতি অনুসৰি, আৰিমত্তই মৃত্যুমুখী মায়ামত্তৰ ওচৰত হিতোপদেশ গ্ৰহণ কৰেগৈ। সেই ছেগতে, কথাপ্ৰসঙ্গত মায়ামত্ত আৰু আৰিমত্ত দুই ৰজাৰ মাজত পিতা-পুত্ৰ সম্বন্ধৰ তথ্য ব্যক্ত হৈ পৰে।

 (১) পিতৃ-বধ পাপেৰে কলুষিত হৈ আৰিমত্ত উন্মত্ত হৈ উঠিল। সেই পাপ মোচনাৰ্থে তেওঁ উন্মাদৰ দৰে যেনি-তেনি ঢপলিয়াবলৈ ধৰিলে। উত্ৰাৱল হৈ ভটীয়াই আছি, বিশ্বনাথৰ ওচৰত এটা পুখুৰীলৈ তেওঁ হাতৰ ধনুখন দলিয়াই পেলালে,সেই প্ৰসঙ্গজনিত 'ধেনুপৰা' নামেৰে এটা পুখুৰী সেই ঠাইত এতিয়াও আছে।তাৰ পৰা আকৌ উধাতু খাই ভটীয়াই গৈ, তেওঁ শেলডাল এখন নৈত পেলাই দিলেহি। তেতিয়াৰেপৰা সেই নৈৰ নাম 'শেলেন' হয়; এতিয়া সেই নাম ছেলেম হৈছে। তাৰপৰা আঁতৰি গৈ এখন নৈত আৰিমত্তই তেওঁৰ পপীয়া বৰ গাটো ধুলেগৈ। আৰু সেই দেখি সেই নদীৰ নাম ‘বৰগাং হয়; সেয়ে এৰি বৰগাং নৈ। তেওঁ হাতৰ বলম ধোৱা নৈৰ নাম 'বলম' হয়, এতিয়াৰ বলম নৈয়েই সেই নৈ। তাৰ পিচত, মন্ত্ৰীৰ পৰামৰ্শমতে,আৰিমত্ত ৰজাই অতুল ধন-ৰত্ন দান আৰু যাগ-যজ্ঞাদিৰ আয়োজন কৰিলে। কিন্তু পৰৰ পিতৃবধ-পাপে চুব বুলি সন্ত-মহন্ত-সাধু-ব্ৰাহ্মণ কেঁৱে তাৰ ভাগ লবলৈ আগ নাবাঢ়িলে। শেহান্তৰত, নাৱত ভৰাই বশিষ্ঠ-গঙ্গা দিখৌ নৈত সেই ধন-ৰত্ন আৰু যাগ-যজ্ঞৰ সমলাদি অৰ্পণ কৰা হয়; কিন্তু দিখৌ-গঙ্গাই গ্ৰহণ নকৰি নিজৰ গতিকে সলালে; এতিয়াৰ 'মৰীদিখৌ' তাৰে এটা চিন। নাজিৰাৰ নামনিত গড়গাওঁ নগৰৰ কাষত কুঁজীবালিৰ ওচৰৰ এছোৱা মৰীদিখৌত এতিয়াও সেই ধন-ৰত্নৰ নাও খন পোত গৈ আছে বুলি জনশ্ৰুতি আছে। তেজপুৰৰ 'মহাভবলী'ও তাৰে আন এটা চিন বুলি প্ৰবাদ আছে। তাৰ পিচত, সাধুজনৰ উপদেশ অনুসৰি পিতৃ মায়ামত্তৰ ৰাজ্যত আৰিমত্তই বাৰ দিনৰ ভিতৰত বাৰ-শ পুখুৰী খনোৱা কাৰ্য্য হাতত লয়। কিন্তু নিৰ্ধাৰিত সময়ৰ ভিতৰত সেইকাৰ্য্যও সমাধা কৰি উঠিব নোৱাৰি তেওঁ হতাশ হ'ল। কালাবাৰী আৰু বুৰৈৰ মাজখণ্ডত সেই পুখুৰীবোৰ অদ্যপি পোতা-পুখুৰী হৈ আছে। লক্ষীমপুৰ জিলাৰ লাখটকীয়া নামেৰে এখন গাৱঁতো একলাখমান তেনেকুৱা পোতা-পুখুৰী আছে। শেহান্তৰত, তেওঁ পণ্ডিতসকলৰ বিধানমতে, তুঁহ-দৌল এটা বন্ধাই আত্ম-পাপ-তাপ দহনৰ প্ৰয়াস পাইছিল। কিন্তু তুঁহৰ মাজত গুটিধান ওলোৱাত সিও পৰিতাজ্য হ'ল।।সদৌশেষত ৰাইজৰ সহানুভূতি সংগ্ৰহৰ নিদৰ্শনস্বৰূপ,আৰিমত্ত ৰজাই প্ৰজাবৰ্গৰ পৰা পিঠাগুড়ি মাগি আনি, এটা পিঠাদৌল সজাইছিল;পিছে তাতো খৰতীয়া চাউল ওলোৱাত সিও ব্যৰ্থ হ'ল। এই দৌলো দুটাৰ চিন দৰং জিলাৰ বদুৱাৰ আৰু ছয়দুৱাৰ অঞ্চলত অদ্যপি আছে।

 (২ কিম্বদন্তিত আছে, মুক্তিচেষ্টাত বিফল মনোৰথ হৈ আৰিমত্ত ৰজাই তুলা-পৰাচিত হ'বলৈ বিধিমতে গাত তিনি -পাচী তুলা তিনিশ তিনি কুৰি গছ খেৱলিৰে সৈতে মেৰাই বান্ধি তাত জুই লগাই নিজেই আত্মবিসৰ্জন কৰিলে, যি নৈয়ে সেই বিসৰ্জনৰ ভশ্মৰাশি উটাই ব্ৰহ্মপুত্ৰলৈ নিব লগাত পৰি নিজৰ গতি এৰিছিল, তাৰ নাম 'মৰ' নৈ হয়, আৰু তাৰ মোহনাক অদ্যপি 'জাৰিকটামুখ' বোলা হয়।