শূকৰাঙ্ক বা ৰত্নসিংহ:- আৰিমত্ত ৰজাই, ৰাজ্যত্যাগী হৈ, তেওঁৰ পুত্ৰ ৰত্নসিংহক ৰাজ্যভাৰ গতাই দি যায়। সেই মতেই বৈদ্যগড়ত ৰত্নসিংহ ৰজা হয়। তেওঁ ৰজা হৈয়েই, পিতৃবৈৰী ফেঙ্গুৱা (১) নামেৰে কোঁচবেহাৰৰ ৰজাৰ লগত এখন ঘোৰতৰ যুদ্ধ পাতে। ফেঙ্গুৱাই মেছ, কোঁচ আদি বহুত সৈন্য গোটাই লৈ বৈদ্যগড়ৰ পছিমে কোঠ মাৰি ৰৈছিলহি। সেই কোঁঠৰ চিন্ আৰু ফেঙ্গুৱাগড়ৰ ভগ্নাৱশেষ কামৰূপ জিলাত এতিয়াও ভগা-ছিগা হৈ বৰ্তমান আছে। ফেঙ্গুৱা সেই যুদ্ধত ঘাটে, আৰু তাতে তেওঁৰ মৃত্যু হয়। তাৰ পাচত, ৰত্নসিংহই আৰু অলপকাল প্ৰৱল প্ৰতাপেৰে ৰাজত্ব কৰে। সদৌশেহত, নিজৰ চৰিত্ৰৰ দোষত ৰাজ্যভ্ৰষ্ট হৈ, অকালত তেওঁৰ মৃত্যু হোৱাত, তেওঁৰ পুত্ৰ শৃকালঙ্ক ৰজা হয়। তেওঁৰো অকাল মৃত্যু হোৱাত, তেওঁৰ পুতেক মৃগাঙ্ক ৰাজপাটত উঠে।
মৃগাঙ্ক বা জোঙ্গালবলহু :-এওঁ সৰুৰেপৰা বৰ বাহুবলী আৰু ৰণত নিপুণ আছিল। সেইবাবে তেওঁ পিতাকৰ বৰ আদৰৰ পাত্ৰ আছিল। শৃকালঙ্ক ৰজাই পুতেক জোঙ্গালক লগত নোলোৱাকৈ এখোজো লৰচৰ নকৰিছিল। ৰজা হোৱাৰ পাচত, এদিন জোঙ্গালবলহু ব্ৰহ্মপুত্ৰৰ দাঁতিত মৃগয়া কৰিবলৈ যায়। তাতে তেওঁৰ কাঁড়ত ধ্যানমগ্ন আৰিমত্তৰ মৃত্যু হয়। সেই ঠাইক আজিও “আৰিকটা মুখ” বোলে। আৰিমত্ত ৰজাই মৰণৰ কালত কুপিত হৈ, মৃগাঙ্কক এই বুলি শাপ দিলে বোলে, “তই মৰণৰ কালত গৰমূখে পানী খাবি, আৰু তোক জোঙ্গাল বাঁহৰ জোঙ্গেৰে খুচি মাৰিব। ” জোঙ্গালে সেই কথাত বিষম পাই, পিতৃ-পুৰুষৰ ৰাজ্য এৰি গৈ, সেই কালৰ কলিয়াবৰৰ চহৰি অঞ্চলত ‘জোঙ্গালবলহু' নামেৰে নগৰ পাতি থাকিলগৈ। তেতিয়া কছাৰীপুৰত গজৰাজ নামে এজন ৰজা আছিল। তেওঁৰে সৈতে জোঙ্গালৰ মনোবাদ চলিছিল। তাকে গুচাবৰ অভিপ্ৰায়ে সেই ৰজাই জোঙ্গাললৈ নিজৰ জীয়েকক বিয়া দিয়ে। কিন্তু, গজৰাজৰ অন্তৰত হিংসানল জ্বলিয়েই ৰ'ল। কালত, সেই গজৰাজ আৰু তেওঁৰ জীয়েকৰ (জোঙ্গালৰ পত্নী) চক্ৰান্তৰ ফেৰত, আৰিমত্ত ৰজাই শাপ দিয়া মতে, গৰুমুখীয়াকৈ পানী খাই, মোকাল বাঁহৰ জোঙ্গৰ খোঁচত জোঙ্গালৰ অকালমৃত্যু ঘটিল। তাৰ পাচত, গজৰাজৰ মনোবাঞ্চা পূৰ্ণ হোৱাত, তেওঁ জোঙ্গালৰ নগৰ নিজৰ ৰাজ্যৰ ভিতৰ কৰি লয়। কিন্তু, জোঙ্গালৰ মৰণৰ পাচতা, পিতৃ-পুৰুষৰ ৰাজ্যৰ এক অংশত, কামৰূপ জিলাৰ অন্তৰ্গত, আৰিমত্তই পতা বেতনা ৰাজধানীত, তেওঁৰ পুত্ৰ-পৌত্ৰদিয়ে অলপকাল নাম-নিমিতকৈ ৰাজত্ব কৰিছিল। এই ফৈদৰ ৰজাই ১৪৭৮ খ্ৰীষ্টাব্দলৈকে ৰাজত্ব কৰাৰ তথ্য পোৰা যায়।
সাময়িক ভাৰত-বুৰঞ্জীৰ কথা :-খ্ৰীষ্টাব্দ ২৬ বছৰৰ তলৰপৰা ৪৩০ খ্ৰীষ্টাব্দলৈকে ৪৫৬ বছৰ মগধত অন্ধ্ৰবংশী ভালেমান ৰজাই ৰাজত্ব কৰে; সিবিলাকৰ ভিতৰতকণিষ্ক নামেৰে এজন ৰজা বৰ প্ৰতাপী হৈ উঠিছিল। তেওঁৱেই ৭৮ খ্ৰীষ্টাব্দৰপৰা আৰম্ভ _________________________________________________________
(১) আৰিমত্ত ৰজাই দ্বিগ্বিজয়লৈ ওলোৱাৰ শূন্যতে কোঁচবেহাৰৰ ৰজা ফেঙ্গুৱাই তেওঁৰ নগৰ আক্ৰমণ কৰেহি। সেই ছেগত নগৰ-ৰখীয়া ৰত্নসিংহ কোঁৱৰক ৰণত হৰুৱাই, ফেঙ্গুৱাই আৰিমত্ত ৰজাৰ লখাই আৰু তৰা নামে দুগৰাকী জীয়াৰীক গৰণ কৰি নিয়ে। পাচত, লখাই আৰু তৰাই কোঁচবেহাৰৰপৰা পলাই আহি বাটতে কামৰূপৰ এখন বিলত পৰি আত্ম-বিসৰ্জন দিয়ে। সেই আক্ৰোশতে ৰত্নসিংহ ৰজা হৈয়ে ফেঙ্গুৱাৰ লগত যুদ্ধ পাতে। কামৰূপৰ ৰঙ্গিয়া মৌজাত সেই বিল অদ্যপি এখন পোতা-বিল হৈ আছে। জয়ন্তী আৰু ধৰ্ম্মাৱতী নামেৰে আৰিমত্ত ৰজাৰ আৰু দুগৰাকী জীয়াৰী আছিল।