পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/২৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৫
জীতাৰিবংশী ৰজাৰ ৰাজত্ব
 

ৰজাৰ ৰাজ্য দৰঙ্গৰ পছিম সীমাৰপৰা একেকঠীকৈ পুৰণি শোণিতপুৰৰ বিশ্বনাথলৈকে বিস্তৃত আছিল; আৰু তেওঁৰ দ্বাৰাই বন্ধোৱা বিশ্বনাথৰ উত্তৰে "প্ৰতাপগড়” নামেৰে এটা ৰাজগড় ছিগা-ভগা অৱস্থাত অদ্যপি আছে।ৰামচন্দ্ৰৰ ৰাজত্বৰ শেহভাগত সেই ৰাজ্য উজনিৰ মাজুলীলৈকে বিস্তাৰিত হৈছিল। মাজুলীত তেওঁ ৰত্নপুৰ নামেৰে ৰাজধানী এখনো পাতিছিল; আৰু সেই আলমতে তেওঁৰ আন এটা নাম মায়মত্ত আছিল।

 গজাঙ্ক বা আৰিমত্ত—ৰামচন্দ্ৰ বা প্ৰতাপচন্দ্ৰ বা মায়ামত্ত ৰজাৰ ঔৰসত তেওঁৰ মহিষী নাৰী (১) ৰাণীৰ গৰ্ভত, ১৩০০ খ্ৰীষ্টাব্দত, বিখ্যাত আৰিমত্ত ৰজাৰ জন্ম হয়। তেওঁ আৰিমূৰীয়া; আৰিকুঁজা আৰু আৰিবুকুৱা বীৰ সন্তান আছিল; আৰু সেই আলমতে তেওঁৰ নাম 'আৰিমত্ত' হয়। কামৰূপৰ বেত্‌নাৰপৰা নগাঁৱৰ অন্তৰ্গত ৰহালৈকে (২) ব্ৰহ্মপুত্ৰৰ দুয়ো পাৰে তেওঁৰ ৰাজ্য বিস্তৃত আছিল। আৰিমত্তৰ অন্যতম ৰাজধানী এখন কামৰূপৰ অন্তৰ্গত বেত্‌না অঞ্চলৰ বৈদ্যগডত পতা হৈছিল। একে সময়তে তেওঁৰ ৰাজ্যৰ সমান্তৰালে, ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে, পিতাক মায়ামত্তৰ (৩) ৰাজ্যও বিস্তৃত আছিল।

 মহিষী নামেৰে মায়ামত্ত ৰজাৰ এগৰাকী দীপ-লিপ সুন্দৰী ভাৰ্য্যা আছিল। তেওঁ যেতিয়া সগৰ্ভা, তেতিয়া এদিন লুইত কোঁৱৰ নামেৰে এজন কছাৰী কোঁৱৰ মায়ামত্ত ৰজাৰ ভৱনত আলহী হয়হি। পিচে, কুঁৱৰী-টোলত মহিষী কুঁৱৰীৰ ৰূপত মুগ্ধ হৈ আলহী কোৱৰে নিলগৰপৰা ঠৰলাগি চাই আছে, এনেতে সেই দৃশ্য ৰজাৰ চকুত পৰিল। কুঁৱৰীৰ প্ৰতি কোঁৱৰৰ তন্ময় ভাবৰ আসক্তিলৈ লক্ষ্য কৰি, মহাত্যাগী মায়ামত্ত ৰজাই মহিষী-ৰাণীক সেই আলহী কোৱৰকে সঁপি দিলে। (৪) স্বামীৰ আজ্ঞা শিৰোধাৰ্য্য কৰি কছাৰী কোঁৱৰৰ ঘৰলৈ গ'ল বুলিও, কুঁৱৰীয়ে সেই কোৱৰক পতি-ভজনা নকৰিলে। তাৰ পিচত, মহিষীয়ে কছাৰী গাঁৱত নীৰলে বসতি কৰি আছিল। সেই সময়তে মহিষীৰ প্ৰসৱ হয়; তাৰে ফল বিখ্যাত আৰিমত্ত ৰজা। অপমানিত কুঁৱৰী মহিষীয়ে, আত্ম- অভিমানত, পুত্ৰ আৰিমত্তক তেওঁৰ পিতৃৰ পৰিচয় নিদিলে। কালত আৰিমত্তই কছাৰী ৰাজ্যৰ ৰজা হৈ চৌপাশে দিগ্বিজয় (৫) কৰি ফুৰিবলৈ ধৰিলে। তাৰে এটা যাত্ৰাত তেওঁ


 (১) মহিষী কুঁৱৰীৰ আন এটা নাম চন্দ্ৰপ্ৰভা।

 (২) ৰহা চকীত আৰিমত্ত ৰজাৰ ৰাজধানী আছিল।

 (৩) ৰামচন্দ্ৰৰ ৰাজধানীৰ নাম মায়াপুৰ আছিল; সেই আপাহতে তেওঁক মায়ামত্ত বোলা হৈছিল। তেওঁ বৰ প্ৰতাপী আছিল হেতুকে তেওঁৰ ৰাজ্যৰ আন এটা নাম প্ৰতাপপুৰ হৈছিল। সেই আলমতে তেওঁক প্ৰতাপপুৰীয়া ৰজা নামেৰেও জনা যায়।

 (৪) আগৰ দিনত সতীত্বৰ পৱিত্ৰতাৰ আদৰ এনে গভীৰ আছিল যে, আনে অযাচিতে আসক্তিৰ ভাৱ দেখুৱালেও সতী কলুষিত বোধ হৈছিল।

 (৫)ভাটীকালে কামৰূপৰ বেত্‌নালৈকে দিগ্বিজয় কৰি উঠি, আকৌ উজাই আহি,লুইত মুখৰ পোন্‌ ধৰি ব্ৰহ্মপুত্ৰ পাৰ হৈ উত্তৰপাৰে দিগ্বিজয় কৰি,বীৰ ৰজা আৰিমত্তই অখণ্ড প্ৰতাপেৰে দিগ্বিজয় কৰিবলৈ ধৰিলে।তেওঁ ভটীয়াই আহি এজন কলা মাটিগিৰীৰ এখন প্ৰকাণ্ড বাগীৰ নিচিনা সৰু জমিদাৰী দখল কৰি তাৰ নাম 'কলাবাড়ী' ৰাখিলে।এতিয়া তেজপুৰ এলাকাৰ 'কলাবাৰী' অঞ্চলেই সেই 'কলাবাড়ী'।তাৰপৰা ভটীয়াই তেওঁ দিব্যা(এতিয়াৰ চুৰীয়া), কুঁৱৰীনগৰ প্ৰভৃতি ঠাই দখল কৰি, এখন প্ৰকাণ্ড গহীন হাবি পালেহি। সেই হাবি ভঙাই তাত আৰিমত্ত ৰজাই 'গহনপুৰ' নামেৰে এখন গাওঁ পাতিলে।সেয়ে এতিয়াৰ 'গহপুৰ'।তাৰপৰা ক্ৰমাৎ ভটীয়াই ভালেমান গাওঁ-ভূঁই অধিকাৰ কৰি, 'গমিৰী' (এতিয়াৰ গমিৰী) কল্যাণপুৰ (এতিয়াৰ কলংপুৰ) প্ৰভৃতি ঠাই দখল কৰি গৈ, আৰিমত্তৰ পিতাক ৰামচন্দ্ৰ বা