জৰাসন্ধ, কামৰূপৰ ৰজা নৰকাসুৰ আৰু ভগদত্ত এইসকল প্ৰধান। সেই কালতে মহামুনি বেদব্যাসে আৰ্য-বুৰঞ্জী ‘মহাভাৰত’ প্ৰণয়ন কৰে, আৰু শ্ৰীকৃষ্ণ-কথিত ‘গীতা’ প্ৰচাৰিত হয়। খ্ৰী: পূ: ১০০০ বছৰৰপৰা খ্ৰীষ্টাব্দৰ আৰম্ভণলৈকে মগধত নন্দ-পৰিয়াল, চন্দ্ৰগুপ্ত, বিন্দুসাৰ, অশোক এইবিলাক ৰজা প্ৰখ্যাত হৈ উঠে। খ্ৰী: পূঃ ৩২৫ চনত গ্ৰীচ্ দেশীয় মহাবীৰ আলেকজেণ্ডাৰে ভাৰতবৰ্ষ আক্ৰমণ কৰেহি। ইয়াৰ উপৰি, ২০৭ বছৰমানৰ আগেয়ে খ্ৰী: পূ: ৫৫৭ চনত, নেপালৰ দক্ষিণ সীমাত, কপিলাবস্তু নামে ৰাজ্যত, গৌতম বুদ্ধৰ আবিৰ্ভাৱ হয়; আৰু তেওঁ প্ৰৱৰ্ত্তোৱা বৌদ্ধধৰ্ম্ম ক্ৰমাৎ বিস্তাৰিত হ’বলৈ ধৰে। আশোক ৰজাৰ দিনত বৌদ্ধধৰ্ম্মৰ প্ৰতিপত্তি বৰকৈ চৰিছিল।
আধ্যা-৩
জীতাৰিবংশী ৰজাৰ ৰাজত্ব
ধৰ্ম্মপাল:— কুমাৰ বংশ লোপ পোৱাৰ পিচত, কাশ্মীৰৰ ফালৰপৰা, জীতাৰি বংশৰ ধৰ্ম্মপাল নামেৰে এজন ক্ষত্ৰিয় সন্ন্যাসী আহি, ১১০০ খ্ৰীষ্ট্ৰাব্দত কামৰূপত ৰাজত্ব কৰে। তেওঁ পশ্চিম-ভাৰতৰপৰা কেইঘৰমান বামুণ অনাই কামৰূপত পাতিলে। ধৰ্ম্মপালে গুৱাহাটীৰপৰা ৰাজধানী তুলি নি, উত্তৰপাৰে দৰঙ্গত পাতিছিল। তাৰ পিচ, অলপ কাল মাখোন ৰাজত্ব কৰি, তেওঁ নিজে পতা নতুন নগৰতে স্বৰ্গী হোৱাত, পুতেক সোমপাল ৰজা হয়। সোমপালৰ পিচত, পুতেক ভালুকপেঙ ৰজা হয়। এওঁ আৰু পাঁচোটা নামেৰে জনাজাত। যেনে- ৰামচন্দ্ৰ, প্ৰতাপচন্দ্ৰ, ৰতনপুৰীয়া, মীনাঙ্ক আৰু মায়ামত্ত। জীতাাৰি বংশৰ সুবলি, পদ্মনাৰায়ণ, মহেন্দ্ৰনাৰায়ণ, চন্দ্ৰনাৰায়ণ, প্ৰাণনাৰায়ণ, জয়নাৰায়ণ, ক্ষোভনাৰায়ণ নামেৰে আৰু কেইবাজনো ৰজাই কামৰূপত ৰাজত্ব কৰে।
জীতাৰি বংশাৱলী
ধৰ্ম্মপাল
|
সোমপাল
|
ৰামচন্দ্ৰ বা মীনাঙ্ক বা ভালুকপেঙ বা প্ৰতাপচন্দ্ৰ বা ৰতনপুৰীয়া বা মায়ামত্ত
|
আৰিমত্ত
|
ৰত্নসিংহ
|
শৃকালঙ্ক
|
মৃগাঙ্ক বা জোঙালবলহ।
মীনাঙ্ক বা ৰামচন্দ্ৰ— ৰজা হৈয়েই তেওঁৰ ৰাজছত্ৰত মীন অংকিত
ৰাজচিন্ লোৱাৰ কাৰণে, তেওঁৰ আন এটা নাম "মীনাঙ্ক" হয়। প্ৰতাপচন্দ্ৰ (১) বা ৰামচন্দ্ৰ
(১) তেজপুৰৰ অন্তৰ্গত বিশ্বনাথৰ উত্তৰে "প্ৰতাপগড়" নামে ৰাজগড় এটাৰ ধ্বংসাৱশেষ ছিগা-ভগা হৈ এতিয়াও আছে; আৰু তাৰ কাষতে সেই নামেৰেই চাহ-বাগিচা এখনো আছে। এই প্ৰকাণ্ড গড়টোৱে মহাপ্ৰতাপী ৰজা প্ৰতাপচন্দ্ৰৰ প্ৰতাপৰ চিন অদ্যাপি জিলিকাই ৰাখিছে।