পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/২৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৩
বিবিধ বংশৰ ৰজা

কেইবাবাৰাে বিষমৰূপে ঘাটি, সদৌশেহত কেদাৰ ব্রাহ্মণ সঙ্কলৰ শৰণাগত হয়। এইদৰে দিগ্বিজয় কৰি ফুৰোঁতে, শেহান্তৰত সঙ্কল চিখিয়াৰ ৰজা আফ্ৰাছিয়াৰৰ দ্বাৰাই আক্রান্ত হয়। প্রথমতে সঙ্কলে কেইবাবাৰে আফ্ৰাছিয়াৰৰ আক্ৰমণ ওফৰাই পঠিয়াইছিল। তাৰ ভিতৰত ঘোঁৰাঘাটত লগা যুই প্রধান। এই যুদ্ধতে সঙ্কল সম্পূর্ণে ঘাটি আফ্ৰাছিয়াৰৰ হাতত বন্দী হয়। সঙ্কলেই বঙ্গদেশৰ গৌৰ নগৰ স্থাপন কৰে। তেওঁৰ পিচত, বঙ্গদেশৰ ৰজাবিলাকে বহুকাললৈকে গৌৰ নগৰত ৰাজধানী ৰাখিছিল। সঙ্কলৰ আমােলত বঙ্গদেশ কামৰূপৰ অন্তৰ্ভুক্ত আছিল।

 কুমাৰ ভাস্কৰ বৰ্ম্মা:— ৬৪০ চনত চীনদেশী পৰিব্ৰাজক হিয়োনচাং প্ৰাগজ্যোতিষপুৰলৈ আহোঁতে, কুমাৰ ভাস্কৰ বৰ্ম্মা নামেৰে এজন ৰজা কামৰূপৰ অধিপতি আছিল। এইজনা ৰজা কুমাৰ-বংশী, আৰু তেওঁৰ বংশৰ ৰজাসকলে ১০০০ খ্ৰীষ্টাব্দলৈকে কুমাৰ উপাধিধাৰী ৰজা হৈ কামৰূপ শাসন কৰিছিল। হিয়ােনচাংৰ ভাৰত-ভ্ৰমণৰ টোকাত কামৰূপ সম্বন্ধে এই দৰে বর্ণোৱা আছে;- “কামৰূপ ৰাজ্যৰ পৰিস্থিতি ৮৩৭৫ লি (১৬৭৫ মাইল); ৰাজধানী প্রাগজ্যোতিষপুৰৰ বিস্তৃতি ৩০ লি (৬ মাইল। ৰাজধানীৰপৰা সীমান্তলৈ যাওঁতে দুমাহ লাগে। বাট বৰ দুৰ্গম। এই ৰাজ্যৰ ভূমি চাপৰ আৰু সাৰুৱা। কল, কঁঠাল, নাৰিকল আদি এই দেশত প্ৰচুৰকৈ পােৱা যায়। এই ৰাজ্যৰ পানী-বতাহ শীতল আৰু স্বাস্থ্যকৰ। ইয়াৰ অধিবাসীবিলাক তামবৰণীয়া, চকলামুৱা, বৰ বলী আৰু ভীষণাকৃতিৰ মানুহ; কিন্তু সিবিলাকৰ চৰিত্ৰ অতি উত্তম আৰু বিদ্যাৰ প্ৰতি অনুৰাগ প্ৰৱল। সিবিলাকৰ ভাষা বঙ্গদেশ আৰু তাৰ ওচৰৰ ঠাইৰ অধিবাসীৰ ভাষাৰপৰা পৃথক; কিন্তু পছিম-ভাৰতৰ ভাষাৰ লগত আলেমান মিল আছে। ভাষ্কৰ বৰ্ম্মা এজন বৰ বিদ্যানুৰাগী ৰজা। কামৰূপৰ মানুহবিলাক পূজা-সেৱাত বৰ অনুৰক্ত; কিন্তু সিবিলাকে বৌদ্ধধর্ম নামানে। সিবিলাকৰ ঈশ্বৰ-ভক্তি সৰল আৰু গুপ্তভাৱৰ।”

 সমসাময়িক ভাৰত-বুৰঞ্জীৰ কথা:— ভাৰতবৰ্ষত আৰ্য্যবসতি হােৱা আগৰ দিনকে অতীজ বােলা হয়। তেতিয়া আৰ্য্য জাতিয়ে এচিয়া মহাদেশৰ মাজ-ভাগত বাস কৰিছিল। খ্রীষ্টাব্দ 2৫০০ বছৰমানৰ আগেয়ে, সিবিলাক তিনিভাগ হৈ ফাটি, এভাগ ইউৰােপৰ ফালে, এভাগ পাৰস্যৰ ফালে, এভাগ পছিমে খাইবাৰ দুৱাৰেদি আৰু তাৰে এভাগ পূবে পাটকাই দুৱাৰেদি ভাৰতবৰ্ষত সােমায়হি। পশ্চিমে খাইবাৰ দুৱাৰেদি সােমােৱা ভাগ পােনপ্ৰথমে পঞ্জাৱত থিতাপি হয়হি; তাৰ পিচত, আৰ্যবসতি দক্ষিণ ভাৰতলৈ বিস্তাৰিত হয়। সেই কালতে, খ্ৰীষ্টাব্দৰ ২৫০০ বছৰমানৰ আগেয়ে, আৰ্য্যাৱৰ্তত কোশল, বিদেহ আৰু কাশী এই তিনিখন ৰাজ্য আৰ্য্য জাতিয়ে স্থাপন কৰে। কোশল বা অয়োধ্যৰ ৰজা শ্ৰীৰামচন্দ্ৰ,বিদেহৰ ৰাজৰ্ষি জনক আৰু কাশীৰ ৰজা অজাতশত্ৰু- এইকেইজন প্ৰখ্যাত ৰজা আছিল। সেইকালত শ্ৰীৰামচৰিত কীৰ্তনেৰে মহাকবি বাল্মিকীয়ে ৰামায়ণ ৰচনা কৰে। তাৰপিছত, খ্ৰীঃ পূঃ ১৫০০ চনৰপৰা (অস্পষ্ট) চনলৈকে যাদৱ, পাণ্ডৱ, কৌৰৱ, পাঞ্চাল, ভাৰ্গৱ প্ৰভৃতি কেইবাটাও বংশৰ হিন্দু ৰজা আৰু বংশধৰ প্ৰখ্যাত হৈ উঠে। তাৰ ভিতৰত যাদৱ কোঁৱৰ দ্বাৰকেশ্বৰ শ্ৰীকৃষ্ণ, ইন্দ্ৰপ্ৰস্থৰ পাণ্ডৱ ৰজা যুধিষ্ঠিৰ, পাঞ্চালৰ ৰজা দ্ৰুপদ, মগধৰ ৰজা