পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/২২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


দ্বিতীয় খণ্ড

আধ্যা-১

দানৱ, কিৰাত আৰু অসুৰবংশী ৰজাৰ ৰাজত্ব

 মহীৰঙ্গ দানৱ-কামৰূপত পােন প্রথমে মহীৰঙ্গ দানৱ খ্রীঃ পূঃ ১৭০০ চনত ৰজা হয়। তেওঁৰ ৰাজত্বৰ সবিশেষ বিৱৰণ পাবলৈ টান। কালিকাপুৰাণ আৰু যােগিনীতন্ত্রত মহীৰঙ্গ আৰু তেওঁৰ বংশী ৰজাৰ নাম মাথোন পোৱা যায়। মহীৰঙ্গৰ মৃত্যুৰ পিচত, তেওঁৰ পুতেক হতকাসুৰ পিতাকৰ ৰাজ্যত ৰজা হয় ; আৰু তেওঁৰ লােকান্তৰৰ পিচত, সম্বৰাসুৰ আৰু ৰত্নাসুৰ নামে ৰজাই কামৰূপত অলপকাল ৰাজত্ব কৰে।

 ঘটক কিৰাত-মহীৰঙ্গ দানৱৰ বংশ লোপ হােৱাৰ পিচত, ঘটক কিৰাত নামে এজন কিৰাতবংশী ৰজা কামৰূপত খ্রীঃপূঃ ১৬০০ চনত প্রখ্যাত হৈ উঠিছিল। সেই বংশৰ ৰজাই অলপকাল প্ৰৱল প্রতাপেৰে ৰাজত্ব কৰাৰ পিচত, নৰকাসুৰ নামে এজন অসুৰবংশী ৰজাই কিৰাতবংশী শেষজনা ৰজাক বধ কৰি নিজে কামৰূপ ৰাজ্যৰ অধিপতি হয়।

 নৰকাসুৰ:-কিৰাতবংশী ৰজাবিলাক পিচলৈ বৰ মদাহী, মাংস-লােভী আৰু অত্যাচাৰী হৈ উঠিছিল। সেই অত্যাচাৰ অসহনীয় হােৱাত, কামৰূপৰ প্ৰজাই এজন বৈষ্ণৱ ৰজা পাবলৈ কামনা কৰে। তাৰ ফলস্বৰূপে, বিদেহ বা উত্তৰ-বিহাৰৰপৰা নৰকাসুৰ নামে এজন বৈষ্ণৱ বীৰপুৰুষ আহি, খ্ৰী: পূঃ ১৫০০ চনৰ আদি ছােৱাত কামৰূপত ৰজা হয়; তেওঁ কিৰাতবংশী ৰজাক যুদ্ধত ঘটাই সেই বংশ নিৰ্মূল কৰিলে। তাৰ- পিচত, নৰকাসুৰে প্ৰাগজ্যোতিষপুৰত *(বর্তমান গুৱাহাটী) ৰাজধানী পাতিলে, আৰু কামৰূপ ৰাজ্য কৰতােৱা নৈৰপৰা দিকৰাই নৈলৈকে বিস্তাৰ কৰিলে। তেওঁ সেই ৰাজ্য বঢ়োৱাৰ সময়ত বিদৰ্ভ বা কুণ্ডিলৰ* ৰজাৰ সৈতে মিতিৰ পাতি, তেওঁৰ মায়া নামে কন্যাক বিয়া কৰায়। এইদৰে বহুকাল প্ৰৱল প্রতাপেৰে ৰাজত্ব কৰাৰ পিচত, নিজৰ মহতালিৰ দোষত, তেওঁ ক্ৰমাৎ নিস্তেজ হ’বলৈ ধৰে। এনে ছেগতে, দ্বাৰকেশ্বৰ শ্ৰীকৃষ্ণই, নৰকাসুৰৰ আচৰণত কুপিত হৈ, খ্ৰী: পূঃ ১৫০০ চনৰ মাজছােৱাত তেওঁৰ ৰাজ্য আক্ৰমণ কৰেহি।যুদ্ধত নৰকাসুৰক বধ কৰি, এই অদিতিৰ কাণৰ ফঁৰিয়া আৰু নৰকৰ ৰক্ষিত ভালেমান গােপিনীক উদ্ধাৰ কৰি, অনেক হাতী-ঘোঁৰা লুটি লৈ, নিজৰ ৰাজ্য দ্বাৰকালৈ উলটি যায়। গুৱাহাটীৰ ওচৰত নৰকাসুৰ আৰু অশ্বক্রান্ত নামৰ দুটা টিলাই নৰকাসুৰ আৰু শ্ৰীকৃষ্ণৰ মাজত হােৱা যুদ্ধ-বিগ্ৰহৰ চিন এতিয়াও মাৰ নােযোৱাকৈ ৰাখিছে। _____________________________________________________________________________________

  • 'প্ৰাগ্‌' অৰ্থত পূব, আৰু 'জ্যোতিষ' অৰ্থত নক্ষত্ৰ বুজায়।এতেকে 'প্ৰাগজ্যোতিষপুৰ' অৰ্থত পূবদেশীয় জ্যোতিষ-শাস্ত্ৰ সমালোচনাৰ প্ৰখ্যাত স্থান।
  • এতিয়া শদিয়া অঞ্চল।'কুণ্ডিলপানী' নামে এখন সৰু নৈয়ে অদ্যপি সেই পুৰণি ৰাজ্যৰ পৌৰাণিক নাম জীয়াই ৰাখিছে।