পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দানৱ, কিৰাত আৰু অসুৰবংশী ৰজাৰ ৰাজত্ব

 ভগদত্ত—নৰকাসুৰৰ মৃত্যুৰ পিচত,ভগদত্ত আৰু বজ্ৰদত্ত নামে তেওঁৰ দুটি পুত্ৰ ৰৈ যায়। ইবিলাক দুজনৰ ভিতৰত জ্যেষ্ঠ ভগদত্তক শ্ৰীকৃষ্ণই খ্ৰী: পূ: ১৫০০ চনৰ মাজ-ছোৱাত, পিতৃৰ ৰাজ্যত ৰজা পাতি থৈ, দ্বাৰকালৈ প্ৰস্থান কৰে। ভগদত্ত নিজৰ পৰাক্ৰম আৰু বিদ্যা-বুদ্ধিৰ গুণত এজন প্ৰখ্যাত ৰজা আছিল। কৌৰৱ-পাণ্ডৱৰ শেহ যুদ্ধত ভগদত্তই এক অক্ষৌহিনী সৈন্য লগত লৈ, কুৰুক্ষেত্ৰত দুৰ্য্যোধন ৰজাক সহায় কৰিছিলগৈ, আৰু তাতে তেওঁ ৰণত পৰে। ভগদত্তৰ বিক্ৰমৰ কথা মহাভাৰত দ্ৰোণ-পৰ্বত বহলাই বৰ্ণোৱা আছে। তাৰ আগেয়ে, তৃতীয় পাণ্ডৱ অৰ্জ্জুনে ভগদত্তক যুদ্ধত ঘটাই কৰতলীয়া কৰিছিল বুলিও সভা-পৰ্বত উনুকিওৱা আছে।

 বজ্ৰদত্ত—ভগদত্তৰ মৃত্যুৰ পিচত, ভায়েক বজ্ৰদত্ত ৰজা হয়। তেওঁ এজন বৰ বাহুবলী আৰু প্ৰৱল প্ৰতাপী ৰজা আছিল। তেওঁৰ পিচত, তেওঁৰ পুতেক বজ্ৰপাণি ৰজা হয়। বজ্ৰপাণিৰ পিচত, তেওঁৰ বংশৰ ৯ জন ৰজাই এই কামৰূপত ৰাজত্ব কৰে। এই ৯ জনৰ ভিতৰত প্ৰলভ নামে এজন ৰজা বৰ প্ৰতাপী আৰু প্ৰখ্যাত হৈ উঠিছিল। সেই বংশৰ শেহৰজা সুবাহুৱে নৰকাসুৰৰপৰা ১৯ পুৰুষৰ অন্তৰত জন্ম লয়, আৰু তেওঁ বিখ্যাত বিক্ৰমাদিত্য ৰজাৰ সমনীয়া ৰজা আছিল। তেওঁ অলপকাল সুখ্যাতিৰে সৈতে ৰাজ কৰাৰ পিচত, বৈৰাগ্য ভাৱত তন্ময় হৈ, পুতেক সুপৰুৱাৰ হাতত ৰাজ্যভাৰ গতাই দি, নিজে তপস্যাৰ নিমিত্তে হিমালয় পৰ্বতৰ নিজান গুহাত ঠাই ললেগৈ।

 হৰ্ষবৰ্ম্মা—নৰকৰপৰা ২১ একৈশ পুৰুষৰ অন্তৰত,খ্ৰী: অষ্টম শতাবীৰ আগছোৱাত, হৰ্ষবৰ্ম্মাদেৱ কামৰূপৰ ৰজা হয়। তেওঁ মগধ, কোশল, উড়িষ্যা, কলিঙ্গ আমি দেশ জয় কৰি, কামৰূপ সাম্ৰাজ্য পূবে পৰশুৰাম কুণ্ডৰপৰা পছিমে অযোধ্য্যালৈকে, উত্তৰে হিমালয়ৰ পাদপ্ৰদেশৰপৰা দক্ষিণে বঙ্গোপসাগৰলৈকে বিস্তৃত কৰিছিল। ৭৫০ খ্ৰীষ্টাব্দত, মগধত বাহৰ পাতি থাকোতে, হৰ্ষবৰ্মাদেৱক কনৌজৰ যশোবৰ্ম্মনে আক্ৰমণ কৰি বধ কৰে। ★ হৰ্ষবৰ্ম্মাৰ পিচৰ ৯ জন ৰজাৰ ভিতৰত প্ৰলভ আৰু সুবাহুত বাজেও, এই কেইজন ৰজাৰ নাম আৰু সংক্ষেপ বিৱৰণ পোৱা যায়;-যেনে, সালস্তম্ভ, পালকবিজয়, দুৰ্জ্জয়, বনমালদেৱ, বীৰবাহু, বলবৰ্ম্মদেৱ। ইয়াৰ ভিতৰত কেইজনমানৰ ৰূপ, গুণ, চৰিত্ৰ আৰু ক্ষমতাৰ বিষয়েও অলপ আভাস পোৱা যায়। †

 সালস্তম্ভ—খ্ৰীঃ অষ্টম শতিকাত,অবতীবৰ্ম্মা নামে ৰজাক ৰণত বধ কৰি, নৰকাসুৰৰ বংশৰ সালস্তম্ভ কোঁৱৰে কামৰূপৰ ৰাজপাট লাভ কৰে। তেওঁ ৰজা হৈয়েই প্ৰাগ্‌জ্যোতিষপুৰৰপৰা ৰাজধানী তুলি নি, শোণিতপুৰত পাতি, তাৰ নাম হাটকেশ্বৰপুৰ ৰাখি, তাত সোণখটোৱা লিঙ্গৰে সৈতে এটি শিৱ-মন্দিৰ প্ৰতিষ্ঠা কৰে।

 হৰ্জ্জৰবৰ্ম্মা—খ্ৰীঃ ৮২০ চনৰপৰা ৮৩৫ চনলৈকে হাটকেশ্বৰপুৰৰ ৰাজপাট খায়। এওঁ বৰ বিদ্যোৎসাহী ৰজা আছিল। এওঁৰ সভাপতি কুমাৰিল ভট্ট এজন অগাধ পণ্ডিত আছিল। হৰ্জ্জৰ বৰ্ম্মাই কৰোৱা ভালেমান মহৎ কাৰ্যৰ ভিতৰত,তেজপুৰৰ


 ★এই বংশৰ প্ৰখ্যাত ৰজা বলবৰ্ম্মদেৱৰ প্ৰদত্ত এখন হাতীমূৰীয়া তামৰ ফলি সেইকালৰ কামৰূপ নিবাসী (অস্পষ্ট) ভট্ট নামে ব্ৰাহ্মণক ভূমিদানৰ নিদৰ্শন স্বৰূপে দিয়া হৈছিল। বছৰ দুই দহেকৰ আগত নগাওঁ নগৰত এটি পুৰাতন নাদ সংস্কাৰ কৰোতে এই ফলি পোৱা যায়।

 †ইবিলাক নৰকাসুৰৰ বংশধৰ। যদ্যপি শিক্ষা, জ্ঞান আৰু ধৰ্ম্মৰ প্ৰভাৱত ইবিলাক (অস্পষ্ট) এহাতে (অস্পষ্ট) উন্নত হৈ উঠিছিল, আনহাতে বল-বীৰ্য্য-পৰাক্ৰমত তেওঁতকৈ হীনতৰ হৈ পৰিছিল।