প্ৰকৰণ প্ৰচাৰ হোৱাৰ আগলৈকে অসমীয়া ভাষাৰ আখৰ-জোঁটনি আৰু বৰ্ণবিন্যাস পথাৰৰ মাজৰ জোপাৰ নিচিনা হৈ আছিল। এতিয়া, সকলো অসমীয়াই একেটা বাট ধৰি, মাতৃ ভাষাৰ উন্নতিৰ চেষ্টাত ধৰা দেখি আনন্দ লগা হৈছে। বৰ আনন্দৰ কথা যে, অসমীয়া সাহিত্য চৰ্চা বাঢ়ি অহাৰ লগে লগে তাৰ প্ৰতি উঠি-অহা সাহিত্যিকসকলৰ আসক্তি বাঢ়িব লাগিছে। তাৰ ফলস্বৰূপে, ৰায়বাহাদুৰ ৰাধাকান্ত সন্দিকৈৰ অৰ্থসহানু-ভূতিৰ বলত, তেওঁৰ প্ৰাণপ্ৰতিম পুত্ৰ ৺চন্দ্ৰকান্ত সন্দিকৈৰ নামে আৰু এখন ডাঙৰ অসমীয়া অভিধান অসম-সাহিত্য-সভাৰ জৰিয়তে প্ৰচাৰিত হৈছে। এই “চন্দ্ৰকান্ত- অভিধান" পোহৰলৈ ওলোৱাত অসমীয়া ভাষাৰ সাহিত্য ভঁৰালত এটা বহুমূলীয়া সম্পদ বাঢ়িল।
পৌৰাণিক আৰু আধুনিক অসমীয়া সাহিত্যৰ চানেকি সংগ্ৰহ কৰি, প্ৰত্নতত্ত্ববিদ পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে “অসমীয়া সাহিত্যৰ চানেকি' নামে যি এখন প্ৰকাণ্ড গ্ৰন্থ যুগুত কৰিছিল, কলিকতা বিশ্ববিদ্যালয় কৰ্তৃপক্ষই তাক হোৱা-ছোৱাকৈ ছপাই প্ৰচাৰ কৰাত, সেই ‘চানেকি'য়ে অসমীয়া ভাষাৰ স্বতন্তৰীয়া অস্তিত্বৰ বিশিষ্ট চিনাকি দিছে, যদ্যপি ইয়াত খ্ৰীঃ উনবিংশ শতিকাৰ সামৰণলৈকে বাটকটীয়া শ্ৰেণীৰ সাহিত্যিকৰ লিখিত চানেকিয়েহে ঠাই পাইছে। অসমৰ বৰ দুৰ্ভাগ্য যে, এই অমূল্য গ্ৰন্থ বৰ্তমানলৈকে সম্পূৰ্ণ কৰিবলৈ নৌপাওঁতেই, ১৮৫০শকৰ ২৯ বহাগত, মুঠেই ৫৬ বছৰ বয়সত, গ্ৰন্থকাৰৰ অকালতে লোকান্তৰ ঘটিল। ১৮৮০ খ্ৰীষ্টাৰপৰা ১৯০০ খ্ৰীষ্টাব্দলৈকে অসমীয়া ভাষাৰ উন্নতিৰ বাটকটীয়া আৰু আগৰণুৱা সেৱকদলে বহু প্ৰবন্ধে আৰু অহোপুৰুষাৰ্থেৰে ইয়াক বঙ্গলা ভাষাৰ অপভ্ৰংশ বোলাবলৈ যত্ন কৰা দলক জিনি সুগম বাট লগাই দিয়াৰ ফলত, আৰু উঠি অহা অসমীয়া সাহিত্যিক অহোপুৰুষাৰ্থত অসমীয়া সাহিত্যৰ ক্ৰমোন্নতি দেখি বৰ ৰং লগা হৈছে। ১৯১৭ খ্ৰীষ্টাব্দৰ ২৬ ডিচেম্বৰত শিৱসাগৰত সদৌ অসমীয়া নবীন আৰু প্ৰবীণ সাহিত্যিকসকল উদ্যমত, এই বুৰঞ্জী- লেখকৰ সভাপতিত্বত, যি "অসম-সাহিত্যিক-সম্মিলনী” পোনপ্ৰথম প্ৰতিষ্ঠিত হৈছিল, সেই সন্মিলনীয়ে এই ক্ৰমোন্নতিত খৰতৰ গতি ধৰাব লাগিছে। তাৰপৰা বছৰচেৰেকৰ পিচত, “চন্দ্ৰকান্ত অভিধান”-গ্ৰন্থৰ,জন্মদাতা, উদাৰতা ৰায়বাহাদুৰ ৰাধাকান্ত সন্দিকৈ ভাঙৰীয়াৰ প্ৰচুৰ আৰ্থিক দানেৰে, যোৰহাট নগৰৰ বক্ষঃস্থলত, “চন্দ্ৰকান্ত সন্দিকৈ হল" নামে ‘অসম সাহিত্য-সভাৰ" এটি বিতোপন সাহিত্য-মন্দিৰ প্ৰতিষ্ঠিত হোৱাত, অসমীয়া সাহিত্যৰ উন্নতি আলোচনাৰ ভেঁটি দৃঢ় হৈছে। তদুপৰি, বুৰঞ্জীমূলক পুৰণি সাহিত্য-সভাৰ উদ্ধাৰৰ সুচলাৰ্থে গুৱাহাটী চহৰৰৰ বক্ষঃস্থলত সেই একেজন দাতায়ে তেখেতৰ প্ৰিয়তমা ভাৰ্য্যা শ্ৰীযুতানাৰায়ণী দেৱীৰ নামেৰে উছৰ্গি "নাৰায়ণী সন্দিকৈয়িনী বুৰঞ্জী মন্দিৰ" ("Narayani Handique Historical Institute") • এটি সজাই দিয়াত, অসমীয়া জাতীয় সাহিত্যৰ উন্নতি-পথ আৰু সুগম হৈছে।
• Bulletin No 3, compiled by Rai Bahadur S.K. Bhuyan, M.A.B.L, Honorary Provincial Director, D.H.A.S, Assam.