পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/২০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
অসমৰ বুৰঞ্জী

বসতি নিচেই আদিৰেপৰা আছে, আৰু অসমীয়া ভাষাও কাশ্মীৰী, গুজৰাটী, হিন্দী প্রভৃতি ভাষাৰে সৈতে সমান বয়সীয়া ভাষা। বঙ্গলাতকৈ অসমীয়া ভাষা বহুকালৰ পুৰণি।

 অসমীয়া ভাষাৰ জীৱনকাল ঘাইকৈ তিনি ছােৱাত ভগাব পাৰি;-যেনে,(১) নিচেই আদিৰেপৰা ৺শঙ্কৰদেৱৰ দিনলৈকে; (২) ৺শঙ্কৰদেৱৰ পিচৰপৰা বৃটিছ গৱৰ্ণমেণ্টৰ আগমনলৈকে; (৩) বৃটিচ শাসনৰ আৰম্ভণৰপৰা বৰ্তমানলৈকে। আদিছােৱাৰ বিষয়ে বহুল বর্ণনা পাবলৈ টান। সেই কালৰ লিখিত বর্ণনাও বিৰল। তথাপি, সেইছােৱাত পুৰণি কামৰূপত এই ভাষাৰ যে বিশেষ প্রতিপত্তি আছিল, তাত সন্দেহ নাই। মাজছোৱাক অসমীয়া ভাষাৰ বৰ উন্নত অৱস্থা বুলিব লাগে। সেই সময়ত ক্ষণজন্মা মহাপুৰুষ শঙ্কৰদেৱ, মাধৱদেৱ আৰু কবিবৰ অনন্ত কন্দলি, পুৰুষােত্তম ঠাকুৰ, ৰাম সৰস্বতী প্ৰমুখ্যে কেইজনাে লিখাৰ প্ৰভাৱত অসমীয়া ভাষাৰ আশাতীত শ্ৰী-বৃদ্ধি হয়।স্বৰূপত, দ্বিতীয় ছােৱাতহে অসমীয়া ভাষাই ধাৰাবাহিক বৈয়াকৰণ গঠনৰে সৈতে প্রকৃত জীৱন লাভ কৰে। তৃতীয় বা শেহছােৱাৰ আদিগত অশেষ বাধা-বিঘিনি সহিব লগা হােৱাত, অসমীয়া ভাষাই ভালকৈ গা কৰিব পৰা নাই। বৃটিচ শাসন আৰম্ভ হ’লত, খ্ৰী: ১৮২৬ চনৰ পৰা ১৮৩৬ চনলৈকে অসমীয়া ভাষা অসমৰ আদালত আৰু পঢ়াশালিবিলাকত চলিছিল। এনেতে, আচম্বিতে অসমত অসমীয়া ভাষাৰ সলনি বঙ্গালী ভাষা আদালতত আৰু পঢ়াশালিত প্ৰচলিত হয়। ৰজাঘৰত অনাদৃত হৈ, অসমীয়া ভাষাৰ শ্ৰী বাঢ়িব নােৱাৰি সেই খিনিহে ঠিহিৰা মাৰি ৰয় (১)। পিচে, ৺আনন্দৰাম ঢেঁকিয়াল ফুকন,হেম বৰুৱা, গুণাভিৰাম বৰুৱা প্রভৃতি অসমৰ সুসন্তানসকল আৰু পৰােপকাৰী পাদ্ৰিসকলৰ (২) অহােপুৰুষাৰ্থৰ অব্যৰ্থ ফলস্বৰূপে, সেই কালৰ বঙ্গ আৰু অসম দেশৰ দুৱলীয়া লাট চাব জৰ্জ্জ কেম্বেল চাহাব বাহাদুৰে খ্ৰী: ১৮৭৩ চনৰপৰা অসমীয়া ভাষাক আকৌ অসমৰ আদালত আৰু পঢ়াশালিবিলাকত ঠাই দিয়ে। সেই অনুগ্ৰহৰ বলতে অসমীয়া ভাষা পুনঃ ঠন ধৰি উঠিল আৰু অসমৰ আদালত আৰু পঢ়াশালিত পুনঃ প্ৰচলিত হল। ভূতপূর্ব দুৱলীয়া লাট চাব ৰেম্‌ফিল্ড ফুলাৰ চাৰ বাহাদুৰৰ অনুগ্ৰহৰ ফলত, ১৯০৪ খ্ৰীষ্টাব্দৰ পৰা অসমীয়া ভাষাই কলিকতা বিশ্ববিদ্যালয়ৰ কলেজতাে ঠাই পায়; এভিয়া বি এফ-এ, বি এ, আৰু এম-এ মহলালৈকে পাঠ্য মনােনীত হৈছে।বিশেষ, ১৮৭৩ খ্ৰীষ্টাব্দৰপৰা ৰাজ-অনুগ্ৰহত আৰু অসমীয়া সাহিত্য-সেৱকসকলৰ সেৱা-শুশ্ৰুষাৰ বলত অসমীয়া ভাষা ক্ৰমাৎ টনকিয়াল হৈ উঠিছে। এইখিনিতে ৰজা ঘৰৰ শলাগ লৈ কব লাগে যে সাহিত্যানুৰাগী গৱৰ্ণমেণ্টে অনুগ্ৰহ কৰি, ১৯০৯ চনত, অসমীয়া সাহিত্যৰ উন্নতিকল্পে, এই পুথিৰ লেখকক সাহিত্যিক পেঞ্চন এটি দান কৰাত ,"অসমীয়া ভাষা বঙ্গলাৰ অপভ্ৰংশ" বোলা বাদ-প্ৰতিবাদৰ অন্ত পৰি, ইয়াৰ উন্নতিত আহুকাল লগােৱা এটা ডাঙৰ অপায় খণ্ডিল। তদুপৰি, অসমীয়া ভাষাৰ বৰভেঁটি স্বৰূপ ৺হেমচন্দ্ৰ বৰুৱা প্ৰণীত "হেমকোষ" অভিধানখন গৱৰ্ণমেন্টে প্ৰচাৰ কৰি দিয়াত, আজিকালিৰ ন-লিখাৰু বিলাকৰ আখৰ-জোঁটনিৰ বেমেজালি গুচিছে। "হেমকোষ"ৰ পাতনিত দিয়া


(১) ’তেতিয়া স্কুলত বঙ্গালী, কাছাৰীত বঙ্গালী, ডেকাৰ আলাপত বঙ্গালী; চিঠিতো বঙ্গালী ভাষা হে চলিছিল৷“-হেমচন্দ্ৰ বৰুৱা৷

(২) পাদ্ৰি সকলৰ অসমীয়া অভিধান ভাগ এটি অভগণ কীৰ্ত্তিচিন্‌।