পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অসমীয়া ভাষা

 অসমীয়া ভাষাৰ "অসমীয়া" নাম আধুনিক। বৰ্তমান অসমবাসীবিলাকৰ ভাষা বুলিহে আজিকালি এই ভাষাৰ নাম অসমীয়া ভাষা হৈছে। কিন্তু, আদিতে এই দেশৰ নাম “কামৰূপ"হে আছিল; গতিকে, অসমীয়া ভাষাৰ পৌৰাণিক নাম “কামৰূপীয়া ভাষা” বুলিলে হে যুক্তিৰ ওচৰ চাপে। তথাপি, এই ভাষাৰ ওপৰত অসমীয়া নামৰ অৱৰণ নিচেই উপৰুৱা বুলিব নোৱাৰি। কামৰূপৰ সৌমাৰ খণ্ডৰপৰা আৰম্ভ কৰি এই গোটই দেশত আহম বা আহোমসকলে অসীম প্ৰতাপেৰে ৰাজ্য বিস্তাৰ কৰাৰ পিচৰপৰা যেতিয়া সিবিলাকৰ নামানুসাৰে এই দেশৰ, অৰ্থাৎ সমগ্ৰ কামৰূপৰ নাম “অসম” হ'ল, তেতিয়াৰপৰাই এই দেশবাসীৰ ভাষাও ‘অসমীয়া ভাষা' নামে অভিহিত হ'ল।

 যদ্যপি "অসম" বা “আহম” বা “আহোম” শব্দৰপৰা অসম দেশৰ নাম হৈছে, তথাপি ‘অসমীয়া ভাষা’ ‘আহোম' ভাষা নহয়। আহোম ভাষা অসমীয়া ভাষাৰপৰা সম্পূৰ্ণ সুকীয়া, - আহোম ভাষাত লিখা বুৰঞ্জী আৰু ধৰ্ম্ম-পুথিবিলাকে এতিয়াও তাৰ প্ৰমাণ জিলিকাই ৰাখিছে। কিন্তু, দুখৰ কথা, আজিকালি আহোম ভাষা জনা মানুহৰ অভাৱত সেই অমূল্য ৰত্নস্বৰূপ বুৰঞ্জীবিলাক আন্ধাৰতে ভেঁকুৰিছে! আহোম ৰাজবংশী মানুহৰ সংখ্যা নিচেই তাকৰ আছিল, গতিকে সিবিলাকে ৰাজ্যশাসনৰ সুচলাৰ্থে ৰাজকীয় কাৰ্য্যাদিত ৰজাৰ ভাষা নলগাই প্ৰজাৰ ভাষাকে ৰাজভাষা কৰিছিল, বুৰঞ্জী আৰু ধৰ্ম- পুথিত মাথোন আহোম ভাষাৰ ব্যৱহাৰ ৰখা হৈছিল।

 অসমীয়া ভাষা অতি পুৰাতনীয়া ভাষা। ইয়াৰ মূল সংস্কৃতৰপৰা ওলোৱা প্ৰাকৃত ভাষা। কামৰূপত আৰ্যবসতি স্থাপিত হোৱা দিনৰেপৰা অসমীয়া ভাষাৰ সৃষ্টি হোৱা বুলি ধৰিব লাগে। অতি পুৰণি কালত গোটেই আৰ্য্যাবৰ্ত্তত সংস্কৃতৰপৰা ওলোৱা প্ৰাকৃত ভাষা চলিছিল, পাচত সেই ভাষাৰপৰা হিন্দীকে আদি কৰি ভালেমান ভাৰতীয় ভাষাৰ সৃষ্টি হয়; পুৰণি অসমীয়া ভাষাও তাৰে এটা ঠাল-বিশেষ। কালক্ৰমত হিন্দী, কাশ্মীৰী, ব্ৰজাৱলী, অসমীয়া আৰু অসমৰ আদিবাসীবিলাকৰ ভাষাৰ শব্দৰ সৈতে মিহলি হৈ অসমীয়া ভাষাই বৰ্তমান গঢ় লৈছে। তখাপি, এতিয়াও ইয়াত শতকৰা ৬৩ টাকৈ সংস্কৃতমূলক শব্দ ৰৈছে। অসমীয়া ভাষাত থকা সংস্কৃত শব্দ হিন্দী আৰু কাশ্মীৰী ভাষাৰ সংস্কৃত শব্দৰ লগত বেচি মিলে, আৰু বঙ্গভাষাৰ জন্মৰ বহুকালৰ পূৰ্ব্বেই অসমীয়া ভাষাৰ শব্দৰ সৃষ্টি হয়। ভাষাৰ ভিতৰুৱা মিল থকাৰ উপৰিও, বুৰঞ্জী লিখাৰ ৰীতিত অসম আৰু কাশ্মীৰৰ বাহ্যিক মিলো অধিক। সেইপাকত অসমৰ আৰ্য্যবসতি পঞ্জাৱৰে সৈতে সমসাময়িক বুলিব পাৰি। আৰু সেই সম্পৰ্কত ভাৰতবৰ্যৰ চেঞ্চচ্ কমিচনাৰ আৰু ভাষাবিদ পণ্ডিত মিষ্টাৰ বৰ্ণৰ (Mr. Burn) অনুমান মতে, ভাৰতবৰ্ষলৈ অহা ঠালৰ আৰ্য্যজাতিৰ মানুহ দুভাগ হৈ পছিমচুকে খাইবাৰ দুৱাৰ আৰু পূবচুকে পাটকাই দুৱাৰেদি একে সময়তে ভাৰতবৰ্যত সোমোৱাটো যুক্তিযুক্ত যেন লাগে। তেনেহ'লে, অসমত আৰ্ষ্য-