পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬৮
অসমৰ বুৰঞ্জী

ভাৰত সম্ৰাট পঞ্চম জৰ্জ্জ মহাৰজাৰ ভাৰতলৈ আগমন


 ১৯১১ খ্ৰীষ্টাব্দৰ ডিচেম্বৰ মাহত সম্ৰাট পঞ্চম জৰ্জ আৰু সম্ৰাজ্ঞী মেৰী মহাৰাণীয়ে ভাৰতবৰ্ষত পদাৰ্পণ কৰেহি। ১২ ডিচেম্বৰৰ দিনা ভাৰতৰ পুৰণি ৰাজধানী দিল্লী নগৰীত এখন বিৰাট দৰবাৰ পতা হয়। সেই দৰবাৰলৈ ভাৰতৰ সকলো ঠাইৰেপৰা প্ৰজা প্ৰতিনিধি বাছি নিয়া হৈছিল। অসমৰো গণ্য মান্য জনচাৰেক বৰমূৰীয়া লোকক নিমন্ত্ৰিত হৈ সেই সভালৈ গৈছিল। ভাৰতবৰ্ষৰ মিত্ৰ-ৰাজসকল, ভাইচৰয় গৱৰ্ণৰ জেনেৰেল, প্ৰধান প্ৰধান বিষয়া, সদস্য আৰু প্ৰতিনিধি প্ৰজাকে আদি কৰি সভাস্থ সকলোৱে সম্ৰাট সম্ৰাজ্ঞীৰ ওলগ লৈছিল গৈ। দৰবাৰত সম্ৰাটে ভাৰতবাসীৰ শিক্ষাৰ অৰ্থে সৰহীয়াকৈ অৰ্থ দান কৰা, সৈনিক বিভাগৰ কিছুমান ওখ-খাপৰ পদ ভাৰতবাসীলৈ আগবঢ়োৱা আদি গোটাচেৰেক ‘বৰ’ দান কৰে; গৱৰ্ণৰজেনেৰেল লৰ্ড হাৰ্ডিঞ্জে সেই ‘বৰ’ ঘোষণা কৰে। তাৰ পাচত সম্ৰাটে স্বয়ং কলিকতাৰ সলনি দিল্লীত ভাৰতবৰ্ষৰ ৰাজধানী পতা, অসমত নতুনকৈ নকাউন্সিল চীফ কমিচনাৰী গৱৰ্ণমেন্ট পতা, আৰু আগেয়ে বেলেগ কৰা বঙ্গক আকৌ যোৰা লগাই বিহাৰ, ছোটনাগপুৰ আৰু উড়িষ্যৰে সৈতে এখন সুকীয়া গৱৰ্ণৰী প্ৰদেশ পতাৰ কথা ঘোষণা কৰে। সেইদিনা ভাৰতৰ সকলো ঠাইত আনন্দ-উৎসৱ পতা হৈছিল। অসমত নগৰত বাজেও, গাৱে-ভূঞে বাস কৰা সৰল ৰাজভক্ত প্ৰজাবৃন্দই ৰাজকীয় উৎসৱ পাতিছিল। দিল্লীৰ ৰাজকীয় উৎসৱ সমাপন কৰি, সম্ৰাটে নেপালত চিকাৰ কৰিবলৈ যায়। তাৰ পাচত, কলিকতালৈ অহাত, তেখেতক মহাসমাৰোহেৰে অভ্যৰ্থনা কৰা হয়। ১৯১২ খ্ৰীষ্টাব্দৰ জানুৱাৰী ৮ তাৰিখে, সম্ৰাট আৰু সম্ৰাজ্ঞীয়ে কলিকতা এৰি, বোম্বায়েদি বিলাতলৈ ওলটা যাত্ৰা কৰে। বৃটিচ ৰজাসকলৰ ভিতৰত ভাৰত-সম্ৰাট পঞ্চম জৰ্জেই পোন প্ৰথমে ভাৰতবৰ্ষত পদাৰ্পণ কৰেহি। সম্ৰাট আৰু সম্ৰাজ্ঞীৰ প্ৰজালৈ আন্তৰিক মৰম, কৰুণা আৰু সহানুভূতিৰ চানেকি চাই সকলো ভাৰতীয় প্ৰজাৰ ইয়াত আনন্দ উপচি পৰিছিল। মহাৰজা সম্ৰাট পঞ্চম জৰ্জ আৰু মহাৰাণী মেৰী সম্ৰাজ্ঞীৰ আগমনৰ কথা ভাৰতবাসীৰ স্মৃতি ফলিত চিৰকাললৈ অঙ্কিত থাকিব।

অসম-ভাৰত-ইংলণ্ডীয় সমসাময়িক কথা


 “পূৰ্ববঙ্গ আৰু অসম” প্ৰদেশ ছবছৰ মাথোন টিকিছিল। তাৰ ভিতৰত তিনিজন লেফটেনেন্ট গৱৰ্ণৰ হয়; তাৰে এজনে হে পূৰাকৈ পাঁচ বছৰ বিষয়-বাৰ ভোগ কৰিবলৈ পায়। শেহৰ জন চাৰ চাৰ্লচ ষ্টুৱাৰ্ট ৰেলী চাহাবে মুঠেই পাঁচ মাহমান হে এই নতুন প্ৰদেশৰ নিগাজি শাসনকৰ্তা হৈছিলহি। তাৰ ভিতৰতে তেওঁ ভালেমান দেশহিতকৰ অনুষ্ঠানত হাত দিছিল, আৰু অসমীয়া সাহিত্যৰ উন্নতিবিধায়ক কাৰ্য্য কৰিছিল। খ্ৰীঃ ১৯০৬ চনৰপৰা ১৯১১ চনলৈকে এই ছবছৰত ভাৰতৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড মিন্টোৰ (২য়) শাসন সমাপন আৰু লৰ্ড হাৰ্ডিঞ্জৰ (২য়) আৰম্ভণ হয়। লৰ্ড মিন্টো এজন সুবিজ্ঞ আৰু সাহিত্যানুৰাগী গৱৰ্ণৰ জেনেৰেল আছিল। লৰ্ড মিন্টোৰ শাসনকালত