পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬৯
অসমত বৃটিচ্ গৱৰ্ণমেণ্টৰ পাতনি

সিফালে ইংলণ্ডত সুপ্ৰখ্যাত সাহিত্যিক লৰ্ড মৰ্লী ভাৰত মন্ত্ৰী (Secretary of state for India), ইফালে চাৰ চাৰ্লচ ষ্টুৱাৰ্ট বেলী “পূৰ্ব্ববঙ্গ আৰু অসম” প্ৰদেশৰ দুৱলীয়া লাট আছিল; সেই সু-ছেগতে কৰ্ণেল গৰ্ডন অসম উপত্যকাৰ কমিচনাৰৰ প্ৰস্তাৱ, চাৰ চাৰ্লচ ষ্টুৱাৰ্ট বেলী দুৱলীয়া গৱৰ্ণৰৰ সমৰ্থন, লৰ্ড মিন্টো গৱৰ্ণৰ জেনেৰেলৰ অনুমোন আৰু লৰ্ড মৰ্লী ভাৰত-মন্ত্ৰীৰ (Secretary of state for India) মঞ্জুৰী মতে, খ্ৰীঃ ১৯০৯ চনত, এই অসমীয়া সাহিত্য-সেৱীক, অসমীয়া ভাষা আৰু সাহিত্যৰ উন্নতিকল্পে এটি সাহিত্যিক পেঞ্চন দান কৰা হয়। লৰ্ড মিন্টোৰ শাসনকাৰত ভাৰতৰ উন্নতি-বিধায়ক ভালেমান সদানুষ্ঠানৰ উপৰি, যুৱৰাজ ‘প্ৰিন্স অৱ ওৱেলচৰ' (পাচত সম্ৰাট পঞ্চম জৰ্জ) ভাৰত পৰ্যটন, সম্ৰাট সপ্তম এডোৱাৰ্ডৰ পৰলোক প্ৰাপ্তি এইবোৰ ঘাই ঘটনা; তাত বাজে, পূৰ্ব্ববৰ্তী গৱৰ্ণৰ জেনেৰেল লৰ্ড কাৰ্জনৰ শাসনত হোৱা বঙ্গ বিচ্ছেদৰ ফল-স্বৰূপ, বঙ্গ আৰু অসমত শাসন সংক্ৰান্ত বিসঙ্গতি ঘটি চৌপাশে অশান্তি বিয়পি পৰিছিল। লৰ্ড হাৰ্ডিঞ্জৰ আমোলত “পূৰ্ব্ববঙ্গ আৰু অসম প্ৰদেশৰ যোৰা ছিঙ্গি,পুনৰপি পূৰ্ব্ববঙ্গক মূল বঙ্গৰ লগ লগাই, অসম প্ৰদেশক আকৌ সুকীয়াকৈ সকাউন্সিল চীফ-কমিচনাৰী শাসনত ৰখা হয়; তাত বাজেও, “বিহাৰ আৰু উৰিষ্যা” প্ৰদেশ গঠন, বঙ্গ-প্ৰেচিডেন্সিৰ সৃষ্টি, সম্ৰাট পঞ্চম জৰ্জ্জ আৰু সম্ৰাজ্ঞী মেৰী মহাৰাণীৰ ভাৰত আগমন,দিল্লীত সপত্নীক সম্ৰাট পঞ্চম জৰ্জ্জ ৰাজ্যাভিষেক, ইউৰোপত প্ৰখ্যাত জাৰ্মাণ-যুদ্ধৰ আৰম্ভণ, এইবোৰ লৰ্ড হাৰ্ডিঞ্জৰ আমোলৰ প্ৰধান ঘটনা।

সকাউন্সিল চীফ-কমিচনাৰী গৱৰ্ণমেন্ট

 চাৰ আৰ্চডেল আৰ্লঃ - ১৯১১ খ্ৰীষ্টাব্দৰ ১২ ডিচেম্বৰত ভাৰত সম্ৰাট মহাৰজা পঞ্চম জৰ্জে দিল্লী দৰবাৰত স্বয়ং ঘোষণা কৰা মতে, ১৯১২ খ্ৰীষ্টাবৰ ১ এপ্ৰিলৰপৰা অসম-প্ৰদেশ আকৌ আগৰ দৰে সুকীয়া হৈ, সকাউন্সিল চীফ কমিচনাৰৰ শাসনাধীনলৈ আহে। অনৰেবোল চাৰ আৰ্চডেল আৰ্ল বাহাদুৰ এই নতুন সকাউন্সিল গৱৰ্ণমেণ্টৰ প্ৰথম চীফ কমিচনাৰ হয়। অসম সুকীয়া প্ৰদেশৰূপে পুনৰ্গঠিত হোৱাৰ পাচত,ভাৰতবৰ্ষৰ গৱৰ্ণৰ জেনেৰেলৰ ১৯১২ খ্ৰীষ্টাব্দ ১৪ নবেম্বৰৰ ঘোষণা মতে, ১৯১৩ খ্ৰীষ্টাব্দৰ ২ জানুৱাৰীৰপৰা অসম গৱৰ্ণমেন্ট চলাৰৰ নিমিত্তে চীফ কমিচনাৰ বাহাদুৰৰ এখন ব্যৱস্থাপক সভা বা লেজিচলেটিভ কাউন্সিল গঠিত হয়। সেই কাউন্সিলত ১৯০৯ খ্ৰীষ্টাব্দৰ ‘ইণ্ডিয়া-কাউন্সিল-আইন’ অনুসৰি, ১১ জন প্ৰজাৰ ৰাছনিমতে আৰু ১৪ জন গৱৰ্ণমেণ্টৰ বাছনিমতে, মুঠ ২৫ জন মাননীয় সদস্য বা অনৰেবোল মেয়ৰ নিযুক্ত হয়। অসম-গৱৰ্ণমেন্ট সৃষ্টি হবৰেপৰা অসমৰ চীফ কমিচনাৰক লেজিচলেটিভ কাউন্সিল দিয়া


• "Special Literary Despatch - His Majesty's Secretary of State for India, No. 12, Financial, of 12th January, 1909, received with the Government of India F. D. No. 991.P. of 11.2.09, granting a special Literary pension of Rs. 25/- per month to Sreejut (now Rai Bahadur) Padmanath Gohainbarooah in recognition of his merit as a writer and in order that he may devote the remainder of his life to the advancement and development of Assamese literature.” ২২