পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

মটক ৰাজ্যৰ গৰাকী পাতি এৰিলে। আৰু, ডিবৰু নৈৰ পাৰত ৰঙ্গাগড়া নামে ঠাইত তেওঁৰ ৰাজধানী আছিল। তাৰ পাচত, বৰসেনাপতিয়ে, ১৮২৬ খ্ৰীষ্টাব্দৰ সন্ধিমতে,গৱৰ্ণমেণ্টক বছৰি ১২০০০ টকা কৰ শোধাব লগা হয়। কিন্তু সেই কৰ অত্যধিক হোৱা বুলি তেওঁ আপত্তি কৰাত, তাক ১৮০০ টকালৈ কমাই দিয়া হয়। তাৰ পাচত, ১৮৩৫ খ্ৰী: চনৰ সন্ধিমতে; সেই কৰৰ ওপৰঞ্চিকৈ, লাগ-বুলিলেই নিৰ্ধাৰিত সংখ্যক ৰণুৱা মানুহ যোগান দিবলৈ তেওঁ গাত লয়। বৰসেনাপতিৰ ৰাজহ ‘পল-টেক্স’ ৰা পাইকৰ গোট হিচাপে ধৰি আদায় কৰা হৈছিল। সেই ‘টেক্স’ পাইকেপতি,কছাৰী আৰু মটক ৩ টকাকৈ, সোণাৰি আৰু বিহিয়াৰপৰা ২০০ টকাকৈ, আৰু সাধাৰণ অসমীয়াৰপৰা ২ টকাকৈ লোৱা হৈছিল।

 খামতি লাৰু চিংফৌ:-মটকৰ দৰেই খামতি আৰু চিংফৌ বিলাককো নিজৰ নিজৰ শাসনকৰ্তা দিয়া হৈছিল। সেই সময়ত শদিয়া অঞ্চল গোটেইখন খামতিৰ অধীনত আছিল; মটকৰাজ্যৰ পূবে ন-দিহিং আৰু টেঙ্গাপানীৰ মাজৰ ৰাজ্যাংশ চিংফৌৰ দখলত পৰিছিল। খামতিৰ শাসনকৰ্ত্তা শদিয়াখোৱা গোহাঞিয়ে কৰ দিব নালাগিছিল; কিন্তু তেওঁৰ সদৰত ২০০ জন চিপাহীৰে সৈতে এজন বৃটিচ্, পলিটিকেল এজেন্ট তেওঁৰ খৰচত ৰখাটো স্থিৰ হয়। তেওঁ প্ৰজাৰপৰা গায়পতি ১ টকাকৈ ‘পল- টেক্স’ আদায় কৰিছিল। চিংফৌৰপৰাও বৃটিচ্ গৱৰ্ণমেন্টে কৰ বিচৰা নাই; কিন্তু সিহঁতৰ গাম বা শাসনকৰ্ত্তাই গৱৰ্ণমেণ্টক লাগিলেই ৮০ জন ৰণুৱা মানুহ দি সহায় কৰিবলৈ,আৰু পাটকাই দুৱাৰত সততে ৰখীয়া ৰাখিবলৈ গাত লয়।

 মিঃ ডেভিড্ স্কট চাহাবৰ আমোলত, বৃটিচ্ শাসনাধীনত থকা অসম দেশৰ ফৌজদাৰী আৰু দেৱানী গোচৰৰ সোধ চালিচ বা পঞ্চায়তৰ দ্বাৰাই হৈছিল। কোনো গোচৰৰ আপীল হ'লে, সহকাৰী কমিচনাৰে সুধিছিল। আৰু, তেওঁৰো ওপৰে চূড়ান্ত নিষ্পত্তি হ’ব লগীয়া আপীলাদি কমিচনাৰৰ ওচৰলৈ পঠিওৱাৰ নিয়ম চলিছিল। মিঃ ডেভিড্ স্কট্ চাহাবে বন্দী-বেটী ৰখাৰ নিয়ম ৰহিত কৰি, অকল কামৰূপৰপৰাই ১২০০০ বন্দী-বেটীক মুক্তি দিয়ে॥

 ৰাজহ-বন্দবস্তী:—বাহ্যিক শাসনকাৰ্য্যৰ গঢ় লগোৱাৰ লগে লগে মিঃ ডেভিড্ স্কট্ চাহাবে ৰাজহৰ সু-বন্দবস্ত কৰিবলৈকো মনোযোগ দিয়ে। পোন্ প্ৰথমে অসমীয়া ৰায়তে গায়পতি ৩ টকাকৈ ‘পল-টেক্স' দিয়াৰ নিয়ম চলিছিল; আৰু সেই কৰ প্ৰত্যেক খেলে সুকীয়াকৈ তুলি গৱৰ্ণমেণ্টত শোধাইছিল। কিন্তু, তাৰপৰা ৰাজহ সংগ্ৰহৰ সুচল নেদেখি,গৱৰ্ণমেন্টে পাচলৈ খেলবিলাক লাট্ কৰি মৌজা বা মহল পাতিলে। সেই মৌজা বা মহলৰ গৰাকী বা ৰাজহ সংগ্ৰহ কৰোঁতাবিলাকক মৌজাদাৰ, বিষয়া, চৌধাৰী, কাকতী, পাটগিৰি ইত্যাদি বিষয়ববীয়া নাম দিয়া হয়। কিন্তু, যেতিয়া দেখা গ'ল যে সেই নিয়মেও 'পল-টেক্স’ আদায় কৰাত বেমেজালি নুগুচিল, তেতিয়াৰপৰা মাটি পীয়ল কৰাই বস্তী, ৰূপীত আৰু ফৰিঙ্গতি নাম দি মাটি তিনি শ্ৰেণীত ভগোৱা হয়; ফলত, ৰূপীতৰ পূৰাত ১/০ টকাকৈ খাজনা লগাই, আন দুই শ্ৰেণীত পূৰাত ১ টকাকৈ নিৰিখ লগোৱা হয়। দৰঙ্গত ১৮৪১ খ্ৰীষ্টাব্দলৈকে, খেলোৱাৰী প্ৰথামতে, হালেপতি ৩ টকাকৈ