পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫৭
অসমত বৃটিচ্ গৱৰ্ণমেণ্টৰ পাতনি


ঘটিলে বৃটিচ্ প্ৰতিনিধিক মধ্যস্থ মানিবলৈ স্বীকাৰ কৰে; আৰু সেইবাৰে বৃটিচ্ কোম্পানীয়ে কাছাৰৰ ৰজাক বাহিৰৰ আক্ৰমণৰপৰা ৰক্ষা কৰিবলৈ প্ৰতিশ্ৰুতি দি, কাছাৰৰ শাসনসংক্ৰান্ত বিষয়ত ৰজাক স্বাধীন এক্তিয়াৰ দিয়ে, আৰু মণিপুৰী উপনিবেশী ৰাজন্যবৰ্গৰ স্বাৰ্থ-চৰ্ত্তাদি অক্ষুণ্ণ ৰ'বলৈ সুব্যৱস্থা দান কৰে।

বৃটিচ্ গৱৰ্ণমেন্ট

 “মানৰ দিনৰ পাচত, কি কি চৰ্ত্তেৰে ব্ৰহ্মপুত্ৰ উপত্যকা, কাছাৰ আৰু জয়ন্তীয়া ৰাজ্য বৃটিচ্, শাসনৰ তললৈ অনা হ'ল, আৰু মণিপুৰ মিত্ৰৰাজ্যৰূপে ৰ'ল, তাৰ আভাস ওপৰত দিয়া গৈছে (১)। এতিয়া অসম উপত্যকাত বৃটিচ্ শাসন বিস্তাৰৰ বিষয়ে চমুকৈ কোৱা যায়।

 মিঃ ডেভিড্ স্কট, কাপ্তান আডাম্ হোৱাইট্, কাপ্তান নিউভিল্, লেফটেনেণ্ট জেমচ্ মেথি:— মানৰ দিনত অসম উপত্যকাৰ ৰাজকীয় আৰু সামাজিক বান্ধ এনেভাবে শিথিল হৈ পৰিল যে মানে এৰি যোৱাৰ পাচতো অসমৰপৰা বৃটিচ্ সৈন্যবল উঠাই নিয়াটো নিৰাপদ দেখা নগ’ল। সেই কাৰণে, উজনিৰ অতি পূব অঞ্চলত, শদিয়া আৰু মটকৰ ৰাজ্য কমে খামতিৰ শদিয়াখোৱা গোহাঞি আৰু মটকৰ বৰসেনাপতিৰ জিম্মাত ৰাখি, বাকী গোটেই অসম উপত্যকাৰ শাসনৰ ভাৰ ১৮২৬ খ্ৰীষ্টাব্দৰপৰা উত্তৰ-পূব-বঙ্গ দেশৰ অন্তৰ্গত ৰংপুৰৰ কমিচনাৰ, গৱৰ্ণৰ জেনেৰেলৰ এজেন্ট, মিঃ ডেভিড্ স্কট্ চাহাবৰ শাসনত ৰখা হয়। কিন্তু, অকলশৰীয়াকৈ সেই কাৰ্য তেওঁৰ পক্ষে দুঃসাধ্য হোৱাত, ১৮২৭ খ্ৰীষ্টাব্দত কাপ্তান্ আডাম্ হোৱাইটক নামনি অসমত আৰু ১৮২৮ খ্ৰীষ্টাব্দত কাপ্তান্ নিউভিলক উজনি অসমত সহকাৰী কমিচনাৰ পাতি দিয়া হয়।

 উত্তৰপাৰে ভৈৰৱী আৰু দক্ষিণপাৰে ধনশিৰী নৈকে মাজসীমা পাতি, উজনি-অসম আৰু নামনি-অসম নামেৰে অসম প্ৰদেশ দুখণ্ড কৰা হয়; পোনতে উজনি-অসমৰ সদৰ ঠাই ৰংপুৰ বা এতিয়াৰ শিৱসাগৰ আছিল; পাচত, খ্ৰী: ১৯১৩ চনত, যোৰহাটলৈ সেই সদৰ তুলি অনা হয়। (১৮৩০ খ্ৰীষ্টাব্দৰ ২৬ জুলাইত নিউভিল্ চাহাৰৰ মৃত্যু হোৱাত, তেওঁৰ ঠাইত লেফটেনেন্ট জেমচ্, মেথি চাহাব দুৱলীয়া কমিচনাৰ নিযুক্ত হয়।

 বৰ সেনাপতি:— শদিয়াৰ দক্ষিণে, ব্ৰহ্মপুত্ৰ আৰু বুঢ়ীদিহিঙ্গৰ মাজত, কিলাকুটীয়া ঠাইডোখৰেই মটকৰ ৰাজ্য আছিল; এতিয়া সি বাঢ়ি-টুটি ডিব্ৰুগড় চহৰখন হৈছে। ইয়াত ঘাইকৈ মোৱামৰীয়াবিলাকে পূৰ্ব্বে বাস কৰিছিল। এই ৰাজ্যভাগ পূৰ্ণানন্দ বুঢ়াগোহাঞি ডাঙ্গৰীয়াই পতা মটকৰ বৰসেনাপতিয়ে শাসন কৰিছিল। মানৰ দিনতো তেওঁ সেই দেশ ৰক্ষা কৰি আছিল। গতিকে, বৃটিচ্ গৱৰ্ণমেণ্টেও বৰসেনাপতিকে


(১) "খ্ৰী: ১৮২৫চনৰ ৫ ফেব্ৰুৱাৰী তাৰিখে মানৰসেনাপতি শ্যাম ফুকন আৰু মিৰাক ফুকনৰপৰা ইংৰাজে এখন লেখা লয় যে মানহঁতে অসম দেশত উৎপাত নবঢ়াই নিজ দেশলৈ গুচি যাব। "— অধ্যাপক ৰায়বাহাদুৰ সূৰ্য্যকুমাৰ ভূঞাৰ 'বৰফুকনৰ গীতৰ' ভূমিকা।