ধনমাণিকৰ নাম আহোম বুৰঞ্জীত সংলগ্ন আছে; আৰু কছাৰী ৰজা শক্ৰমনৰ ৰাজত্বৰ বৰ্ণনাত তেওঁৰ বিষয়ে উল্লেখ কৰি অহা হৈছে। | যশমাণিক - ধনমাণিকৰ পুত্ৰ যশমাণিক কথাও কছাৰী ৰজাৰ ৰাজত উনুকিয়া গৈছে। যশমাণিক এজন বুদ্ধিমান ৰা আছিল। আহোম আৰু কছাৰী ৰজাৰ মাজত কল লগাই দি, তেওঁ মাজতে ক্ষমতা লাভ কৰিছিল। যশমাণিকে কোচবিহাৰৰ লক্ষ্মীনাৰায়ণ ৰজাৰ জীয়েকক বিয়া কৰায়। তেওঁ জয়ন্তেশ্বৰী মূৰ্তি এখন আনি জয়জীপুৰত স্থাপন কৰে। যশমাণিকে ১৬১২াৰৰপৰা ১৬২৫ টালৈকে ১৩ বছৰ ৰা কৰে। তেওঁৰ পাচত, সুন্দৰ ৰায় আৰু ছোট প্ৰতাপ ৰায় নামেৰে দুজন ৰাই ১৬৪৭ খ্ৰীষ্টাব্দলৈকে ৰাজত্ব কৰাৰ প্ৰমাণ পোৱা যায়। ছোট প্ৰতাপ ৰায়ে ১৬৪৭ খ্ৰীষ্টাব্দত বুদ্ধিস্বৰ্গনাৰায়ণ বা প্ৰতাপসিংহ স্বৰ্গদেৱৰ ওচৰলৈ মিত্ৰত স্থাপনৰ অৰ্থে সন্দেশ-পত্ৰ দি কটকী পঠিয়াইছিল। | ওপৰত নাম লোৱা কেইজনৰ পাচত, যশময়, ৰাণটিং, প্ৰতাপচিং আৰু লক্ষ্মী- নাৰায়ণ এই কেইজন জয়ন্তীয়া ৰজাই ১৬৪৭ খ্ৰীষ্টাৰৰপৰা ১৬৯৪ খ্ৰীষ্টাব্দলৈকে ৰাজত্ব কৰে। আহোম স্বৰ্গদেৱ চক্ৰধ্বজসিংহৰ ৰাজ্যাভিষেক উৎসৱত যোগ দিবলৈ বাণচিং ৰজা আহোম ৰাজধানীলৈ ১৬৬৩ খ্ৰীষ্টাব্দত আহিছিল। লক্ষ্মীনাৰায়ণ ৰজাই এয়া ৰাজ্যত এখন সুন্দৰ নগৰ পাতিছিল; তাৰ চিন্ আজিলৈকে তেওঁৰ নামে সৈতে ৰৈছে। | ৰামসিং-লক্ষ্মীনাৰায়ণৰ পাচত, ৰামচিং জয়ন্তা ৰাজ্যৰ ৰজা হয়। তেওঁ ১৬৯৫ খ্ৰীষ্টাব্দৰপৰা ১৭৮ খ্ৰীষ্টাব্দলৈকে এজন বিখ্যাত ৰজা আছিল। কছাৰী ৰ খবৰ ৰাজৰ বৰ্ণনাত তেওঁৰ বিষয়ে উনুকিৱা গৈছে। ৰামচিং ৰজাৰ দিনত কছাৰী ৰা তাম্ৰজেকসিংহ স্বৰ্গদেৱৰ লগত কল লগাই পলাই আয়তীয়া ৰজাৰ আশ্ৰয়ত আছিলগৈ; সেই আপাহতে কছাৰী আৰু জয়ন্তীয়া ৰজা দুইকো ধৰাই অনাৰ অভি গায়ে মহাৰজা ৰুদ্ৰসিংহ অৰ্গদেৱে বৰবৰুৱা আৰু পানীফুকনক দুফালৰপৰা সসৈঙ্গে পঠিয়াই জয়ন্ত ৰাজ্য আক্ৰমণ কৰায়; ফলত, দুয়ো ৰজাক ধৰি ৰানি বিশ্বনাথ দৰবাৰত উপস্থিত কৰাই সিংহ স্বৰ্গদেৱৰ শৰণাগত কৰোৱা হয়। সেই আলমতে কছাৰী ৰাজ্য আৰু এম বা আহোম স্বৰ্গদেৱৰ খচখলত পৰে। মচিৰ পাচত নয়নাৰায়ণ, বৰগোসাই, ছত্ৰচিং, বিজয়নাৰায়ণ আৰু বিতীয় নামটিং এই কেইন অয়ন্তীয়া ৰাই ১৭০৮ খ্ৰীষ্টাৰপৰা ১৮২ টালৈকে, আহোম স্বৰ্গদেৱৰ শৰণ ৰজা ৰূপে ৰাজত্ব কৰে। ইবিলাকৰ ভিতৰৰ বৰগোসাই যাই, ৰছৰ ৰাজ কৰাৰ পাচত, ৰাভাৰ ইচ্ছাৰে পৰিত্যাগ কৰি, সমাসীৰ জীৱন ধাৰণ কৰে। তেওঁৰ দিনত দান কৰা দেৱোৰ ভূমি এতিয়াও জয়ন্তীপূৰৰ সেৱলীয়া ৰা মেয়ৰখীয়া লোকসকলে ভোগ কৰিব লাগিছে।
পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৬৭
অৱয়ব