পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমৰ বুৰঞ্জী | সমসাময়িক ভাৰতীৰ কথা অসম বুৰীৰ এই ছেত ভাৰত বুৰঞ্জীৰ বৃটিচ ৰাজ্যৰ প্ৰতিপত্তি বিশেষকৈ বাঢ়ে। কৰ্ণেল চাইবে বিলাতৰপৰা লৰ্ড খিতাপ লৈ ভাৰতবৰলৈ ঘূৰি আহেগৈ। তেওঁ বঙ্গদেশ গৱৰ্ণৰী কাম চলাই অৱসৰ লৈ বিলাতলৈ যোৱাত, তেওঁৰ ঠাইত ওৱাৰেণ হেষ্টিংচ, বৰ গৱৰ্ণৰ হৈ আহে। এওঁৰ আমোত “ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনপদ্ধতিৰ ভালেমান লৰচৰ ঘটে। ১৭৭৩ খ্ৰীষ্টাব্দ ‘ৰেগুলেটিং এক্ট' নামে বৃটিচ, আইনমতে ভাৰতবৰ্ষত সদৌ বৃটিচ, সাম্ৰাজ্যৰ শাসন- কৰ্তাৰূপে এখন গৱৰ্ণৰ জেনেৰেলৰ পদ সৃষ্টি কৰা হয়; আৰু ১৭৭৪ খ্ৰীষ্টাব্দত বঙ্গ গৱৰ্ণৰ ওৱাৰেণ হেষ্টিংচকে পোথয় গৱৰ্ণৰ জেনেৰেল পাতি, তেওঁৰ তলতীয়াকৈ বোম্বাই, মাত্ৰাল আৰু বঙ্গদেশত তিনিজন গৱৰ্ণৰ পতা হয়। এই প্ৰসঙ্গতে ভাৰত- বৰ্ষত বৃটিচ, ‘চুপ্ৰিম কোৰ্ট বা চুড়ান্ত আদালত, আৰু ‘চুপ্ৰিম কাউন্সিল বা চুড়ান্ত বাৱস্থাপক সভা স্থাপিত হয়। ওৱাৰে। হেষ্টিংচ, এজন বৰ অৰ্থলোভী শাসনকৰ্তা আছিল। সেই অৰ্থে তেওঁ ভালেমান ভাৰতীয় ৰাজকোৱৰ আৰু বিধবা ৰাণীসকলৰ প্ৰতি অত্যাচাৰ কৰিছিল। অযধ্যাৰ নবাব চুজাউদ্দৌলাই হেষ্টিংচৰ মনোমতকৈ ধন দিব নোৱাৰত, তেওঁৰ মাক আৰু বুঢ়ীমাকৰপৰা ওৱাৰেণ হেষ্টিংচে বলেৰে এক কোটিমান টকা উলিয়াই লয়। হেষ্টিংচ কুচক্ৰৰ ফেৰত কৃষ্ণনগৰৰ ৰজা নন্দকুমাৰৰ অবিচাৰকৈ ফাচী হয়। হেষ্টিংচৰ উৎপাত-অত্যাচাৰ আৰু অনীতি-অধৰ্মাচৰণ অসহনীয় হৈ উঠা, চুপ্ৰিম কাউন্সিল অনুমোদন মতে, তেওঁক বৰ্ণান্ত কৰি, ১৭৮৬ খ্ৰীষ্টাব্দত লৰ্ড কৰ্ণৱালিচক বৃটিচ সাম্ৰাজ্যৰ গৱৰ্ণৰ জেনেৰেল পাতি ভাৰতবৰ্ষলৈ পঠিওৱা হয়। এই ছেদত, ইয়াত বাজেও, ৰোহিলা-যুদ্ধ, মহীশুৰ যুদ্ধ, টিপু চুলতানৰ উখান, চেঠসিংহৰ প্ৰতি অত্যাচাৰ, এইবোৰ ঘটনা প্ৰধান। ইফালে ভাৰতবৰ্ষত ওৱাৰেণ হেষ্টিংচে এইবোৰ অত্যাচাৰ কৰি থাকোতে, সিফালে ইংলণ্ডত বাৰ্ক নামেৰে বিখ্যাত বাগী মন্ত্ৰীয়ে তেওঁৰ বিৰুদ্ধে বৰ তেজী। ভাৱে পাৰ্সিয়ামেণ্ট ৰাজসভাত বক্তৃতা দিছিল; তাৰ ফলস্বৰূপে ওৱাৰেণ হেষ্টিংচে কামৰপৰা অৱসৰ লৈ, কথমপিহে ৰক্ষা পৰে। স্বৰ্গদেৱ কমলেশ্বৰসিংহ স্বৰ্গদেৱ গৌৰীনাথসিংহ স্বৰ্গী হোৱাৰ পাচত, আহোমৰ ৰাজকোৱৰসকলৰ মাজত ৰাজপাট লৈ ভীষণ কোঢ়াল লাগি উঠিছিল। কিন্তু সুদূৰদৰ্শী ৰাজনৈতিক পুৰুষ মহামতি পূৰ্ণানন্দ বুঢ়াগোহাঞি ভাঙ্গৰীয়া সেই সময়ত ঘাইমন্ত্ৰী থকাত, সেই কোঢ়াল তেওঁ অতি সোনকালে মাৰ নিয়ালে। আগেয়ে কৈ অহা হৈছে যে গদাধৰসিংহ স্বৰ্গদেৱৰ সৰু পুতেক লেচাই গোহাঞিদেৱক নামৰপীয়া ৰা পতা হৈছিল। লেচাই গগাহাঞিদেৱৰ পুতেক আয়ুত গোহাঞিদেৱৰ কাম-লীলা গোহাঞিদেৰ নামেৰে এটি পুত্ৰ আহিল। কম-লীলা গোহাঞিদেৱৰ আকৌ কিনাৰাম আৰু কাল নামেৰে দুটি পুত্ৰ ছিল। জ্যেষ্ঠ কিনাৰাম গোহাঞিদেৱকে আহোম ৰাপাটৰ নিমিত্তে ফুৱৈগঞা বুঢ়াগোহাঞি আৰীয়া, মাদুৰিয়াল বৰগোহাৰিীয়া আৰু কেন্দুৰীয়া পাগগাহাঞিৰীয়াই মনোনীত কৰিলে। তেওঁ শিবিৰঠাৰ কাৰণে, হোম