পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

স্বৰ্গদেৱ চুহিত,পওফা ৰা গৌৰীনাথসিংহ পাতিৰৰ উদ্দেশ্যে তুংখুঙ্গীয়া ৰাহৰৰ বাপী গোহাঞিৰ পুতেকক ৰজা বুলি ঘোষণা কৰিলে। এই ষড়যন্ত্ৰত কলিয়াবৰৰ হে লমেলি সাল গোহাঞিও যোগ আছিল। এই কথাৰ সছে পাই, স্বৰ্গদেৱে পুখুৰখনৰ ডেকাফুকন, লামাখৰ খাৰঘৰীয়া ফুকন, ব্ৰাহ্মণ তামুলী ফুকন এই তিনি ফুকনক সসৈঙ্গে পঠিয়াই চেটিয়া বৰফুকনক আৰু হেলিমেলি লাল গগাহাঞিক ধৰিবলৈ পাঁচিলে। ইতিমধ্যত স্বৰ্গদেৱৰ গুৰু পহুমৰীয়া ন-গোসাইৰ দিহামতে, এহেজাৰ টকা দি, হাজাৰাচিং জামদাৰক হাত কৰি লোৱা হ'ল। এই আয়োলনেৰে গৈ ৰাজকীয় সেনাই চেটিয়া বৰফুকনক গুৱাহাটীত, আৰু হেলিমেলি সকাল গোহা ঞক ‘অক্ৰোহী ভট্টাচাৰ্যৰ বালিত ধৰি বন্দী কৰি বধ কৰাত, বিদ্ৰোহ মাৰ গ'ল। জোগানগিৰিৰ গুৱাহাটী দখল :-চেটিয়া বৰফুকনৰ দ্ৰোহ মাৰ যোৱাৰ পাচত, জোগানগিৰি নামেৰে বঙ্গাল এটাই কিছুমান চিপাহী লগত লৈ গুৱাহাটী বলেৰে দখল কৰেহি। বৰফুকন ঠাৱৰিব নোৱাৰি হ'হকি কাজলীত ৰলহি। এই বাতৰি পাই, স্বৰ্গদেৱে মৰঙ্গিখোৱা গোহাঞি আৰু দৈয়ঙ্গীয়া ৰাজখোৱা ভোমোৰাকলীয়াক সসৈন্তে গুৱাহাটীলৈ যাত্ৰা কৰালে। এনেতে, এই বাতৰি কলিকতাত পাই, কাপ্তান ওৱেলচ, চাহাবক আগবঢ়াই থবলৈ যোৱা কটকী বেজীয়া আৰু বৰাগ দত্তই কিছুমান চিপাহীৰে সৈতে নিয়ামউল্লা নামেৰে চুবাদাৰক লৈ গুৱাহাটী পালেহি। তাতে চুৰচুৰীয়াকৈ এখন ৰণ লাগিল। ৰণত জোগানগিৰি পৰিল। অননা বঙ্গাল বিস্তৰ মৰিল। বৰফুকনে কাজলীৰপৰা উলটি গৈ গুৱাহাটী পুনৰ অধিকাৰ কৰিলে। তাৰ পাচত, বেঙ্গীয়া কটকী আৰু বৰাগী দত্তই কলিকতাৰপৰা কিনি অনা হিলৈ, বাৰুদ আদি যোগ দি, বচা:দৈয়ঙ্গীয়াই শিকোৱা অসমীয়া চিপাহীক “কুতি টুপী” দি, স্বৰ্গদেৱৰ ৰাৰে, মহামন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঞি ডাঙ্গৰীয়াই নতুনকৈ অসমীয়া চিপাহী ফৌজ এটা গঠন কৰালে। তিনিৰতীয়া মোহ-মহামন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঞি ভাঙ্গৰীয়াৰ বিচক্ষণীয়া ৰাজনৈতিক জ্ঞান-বুদ্ধি-কৌশলৰ ফলত, আৰু যথাসাময়িক বৃটিচ, সাহায্যৰ গুণত, আহোম সাম্ৰাজ্যত পুনঃ শান্তি স্থাপিত হোৱাত, গৌৰীনাথসিংহ স্বৰ্গদেৱে প্ৰজাবৰ্গক আনন্দ দিয়াৰ অভিপ্ৰায়ে, দিচৈৰ বুঢ়াগোহাঞি ডাঙ্গৰীয়াৰ কেন্দ্ৰ-কোঠত, সাত দিন ব্যাপী বিবিধ আনন্দ-উৎসৱেৰে যাগ-যজ্ঞ পতালে; সেই উপলক্ষে সন্ত-মহন্তসকলক দান-দক্ষিণা আৰু দুখীয়া-মগনীয়াক অৰিহণ। দিবলৈ কড়িৰ নাটনি পৰত, স্বৰ্গদেৱে ‘তিনিৰীয়া মৰালে। তেতিয়াৰপৰাহে ‘তিনিৰতীয়া’ প্ৰচলিত হয়। ওপৰত কোৱা বিদ্ৰোহ অন্ত পৰাৰ পাচৰ বছৰতে, ১৭৯৪ খ্ৰীষ্টাব্দত, স্বৰ্গদেৱ গৌৰীনাথসিংহই যোৰহাটলৈ ৰাজধানী তুলি আনিলে। তাতে গ্ৰহণী নৰিয়া পৰি ১৫ বছৰমান ৰাজ কৰাৰ পাচত, খ্ৰীঃ ১৭৯৫ চনত তেওঁ বৰ্গী হয়। তেওঁৰ ৰাজৰ কালত মহামতি পূৰ্ণানন্দ বুঢ়াগোহাঞি ভাগৰীয়া ৰাজ্যৰ ৰাই ধৰণী গৰূপ আছিল। ভাদৰীয়াৰ যুক্তি আৰু কৌশলৰ বলতে স্বৰ্গদেৱ গৌৰীনাখসিংহই অশেষ অপায়-অমঙ্গল এৰাই, ১৫ বছৰ কাল অশান্তিপূৰ্ণ ৰাজ কৰিলে। বিপ্লৱৰপৰা উপয় হোৱা আগলেই এই ৰাজত আহোমৰ ৰমতা এত্যকে পতনোহ কৰিলে।