পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমৰ বুৰী নামে ঠাইত সৰ্বানন্দ নামেৰে মৰাণ এটা প্ৰধান শাসনকৰ্তা হৈছিল। মাজুলীত হাউহা নামেৰে এটা ওভাঙ্গ’ মানুহ ৰাজকীয় ক্ষমতাৰে সৈতে বলৱত হৈ উঠিছিল; শদিয়াত বাতিবিলাকে নিজৰ ৰজা পাতি অখণ্ড প্ৰতাপেৰে ৰাজ্য শাসন কৰিবলৈ ধৰিছিল; ৰংপুৰ নগৰত ভৰণি বা ভসিংহ নামেৰে মটক এটা ঘাই ৰজা হৈ বহিছিল; ইত্যাদি। ভতসিংহে ১৭৯২ শকৰপৰা আৰম্ভ কৰি নিজৰ নামত ৰূপ আৰু মোহৰ মৰাবলৈকো ৰাকী নাৰাখিছিল। সেই কালত এইবিলাক ৰাজকীয় ক্ষমতাধাৰী মানুহৰ অখণ্ড প্ৰতাপ চলিছিল। পিচে, ৰাজ্যত পুনঃ শান্তি স্থাপিত হোৱাত, সিবিলাকক “নপত-ফুকন” নাম দি পাচলৈ বিপ কৰা হয়। আকাল:- মোৱামৰীয়াৰ ভয়ঙ্কৰ বিদ্ৰোহৰ উৎপাতত আহোম ৰাজ্যৰ ৰাজশক্তি নিতান্ত দুৰ্বল হল, আৰু প্ৰজাৰ অৱস্থা অতি শশাচনীয় হৈ পৰিল। ৰাজ্যত শাস্তিক নোহোৱাত, প্ৰজাই খেতি-বাতিত হাত দিব নোৱাৰা হ'ল। গতিকে, ৰাজ্যজুৰি ভয়ানক আকাল লাগি উঠিল। এনে কি, সেই সময়ত একঠ। চাউলৰ বেচ এটা সোণৰ মোহৰ হৈছিল। পেটৰ তোত মানুহে অখাদ্য খাবলৈকো কুষ্ঠিত নহৈছিল। পাচলৈ কঠা এৰি টেমীৰে চাউল জুখি দিয়াত পৰিছিল; আৰু এটেমী চাউলৰ বেচ এটকা হৈছিল। এই হেন অকাল-আপদত দয়াময় পূৰ্ণানন্দ বুঢ়াগোহাঞি মহামন্ত্ৰীয়ে ৰাজ্য- ৰক্ষাৰ লগে লগে প্ৰজাবৰ্গক পুত্ৰৱত পালন কৰিছিল। (১) | অহোম ফৌজ গঠন :-“ইষ্ট-ইন্ডিয়া কোম্পানি” বৃটিচ ফৌজৰ আৰ্হিৰে নগৰ ৰক্ষাৰ নিমিত্তে মহামতি ৰাজনৈতিক পুৰুষ পূৰ্ণানন্দ বুঢ়াগোহাঞি ডাঙ্গৰীয়াৰ দিহামতে, বৰ্গদেৱ গৌৰীনাথসিংহই, ১৭৯৪ খ্ৰীষ্টাব্দত কিছুমান আহোম সেনাৰে সৈতে নতুনকৈ এটা ফৌজ গঠন কৰায়। কাপ্তান ওৱেলচৰ লগত অহা দুজনে (২) নেটীভ অফিচাৰ' (দেশ কৰ্মচাৰী) ৰাখি সেই ফৌজৰ কাপ্তান’ আৰু লেফটেনেন্ট' (ঘাই আৰু পালি) সেনাপতি পত হয়। এয়ে অসমত বৃটিচৰ আহিৰে গঠিত হোৱা প্ৰথম ফৌজ। কাপ্তান ওৱেলচ, চাহাব উলটি যোৱাৰ পাচত, মোৱামৰীয়াবিলাকে আকৌ মূৰ তুলিবলৈ তলে তলে আয়োজন কৰিছিল; কিন্তু নতুনকৈ গঠিত হোৱা আহোম পণ্টনৰ ভয়ত সিবিলাকে নিটাল মাৰিলে। চেটিয়া বৰফুকনৰ দ্ৰোহ:-বিপদবন্ধু কাপ্তান ওয়েলচ, চাহাবৰ অনুৰোধ মতে, স্বৰ্গদেৱে কছাৰী কুমাৰ চেটিয়াক বৰফুকন পাতি, ভাঙ্গৰীয়াসকলৰ শাৰীত বহিবলৈ এতপৰীয়া তলা দি তেওঁৰ মৰ্যাদা বঢ়ালে। পিচে চেটিয়া বৰফুকনে সেই ওখ মৰ্য্যাদা পাই মইবৰ ভাৰত ওফলি পৰি, উলটি স্বৰ্গদেৱৰ প্ৰতি দ্ৰোহ আচৰিবলৈ ষড়যন্ত্ৰ কৰিলে। সেই অৰ্থে, তেওঁ হাজাৰাচিং নামেৰে বঙ্গাল জামাদাৰ এটাক কিছুমান চিপাহীৰে সৈতে আনি লগত ললে। সেই বলেৰেই চেটিয়া বৰফুকনে গুৱাহাটীত সুকীয়াকৈ ৰাজ্য | (১) “সেই বেলা মহামন্ত্ৰী বুঢ়াগোহাঞি ডালৰীয়া পক্ষীয়ে যেনেকৈ শিশু-চটৰ পথাৰে আৰি বাৰে, সেইপে ডাঙ্গৰীয়াই ৰক্ষা কৰিছিল। ”—এনাথ দুৱৰা বৰবৰুৱাৰীয়া বুৰঞ্জী,১১৬ পৃষ্ঠা। | (২) কুগ মহামন্ত্ৰী বুঢ়াগোজি ভাগৰীয় মন্ত্ৰণ কৰি কাপ্তানৰ লগৰ চিপাহী দিনা আৰু ফকিন এই দুই পাখিলে”। -“তুংখুঙ্গী বুৰঞ্জী, ১২ পৃষ্ঠা।