পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১০৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


স্বৰ্গদেৱ চুহিত গঙফা বা গৌৰীনাখসিংহ দি বুঢ়াগােহাঞ্জি ভাজৰীয়াক সহায় কৰিবৰ অৰ্থে নগৰলৈ পঠিয়াইছিল; কি মােৱামৰীয়াবিলাকে বাটতে ধৰি সিবিলাকক কাটি মাৰি অন্ত কৰিলে। তাৰ পাচত, বাঁহৰীয়াৰ কটকী বিষ্ণুৰামক মণিপুৰৰ ৰজাৰ ওচৰলৈ পঠিয়াই সহায় বিচৰা হ'ল। মণিপুৰৰ ৰজাই পূৰ্বৰ উপকাৰ সুৱৰি স্বৰ্গদেৱক সহায় কৰিবলৈ কিছুমান লৈ লৈ আহিছিল; কিন্তু মােৱামৰীয়াৰ বিষম আক্রমণ সহিব নােৱাৰি, মণিপুৰীয়া সেন বুঢ়াগোহাঞি ডাঙ্গৰীয়াৰ জিম্মাত দি, মণিপুৰী ৰজা জয়সিংহ উলটি গ'লগৈ। এনে অৱস্থাতে ৬ ছবছৰমান মােৱামৰীয়াৰ উপদ্ৰৱ আৰু অধিকাৰ চলি থকাৰ পাচত, বৰ্গদেৱে আন উপায় নেদেখি, বিকা মজুমদাৰ আৰু ভৱ কটকী নামেৰে দুজন উকীলক “ইউ ইন্ডিয়া কোম্পানিৰ ওচৰত সাহায্য ভিক্ষা কৰিবৰ অৰ্থে কলিকতালৈ পঠিয়ালে। সেই সময়ত ভাৰতবৰ্ষত বৃটিচ ৰাজপ্রতিনিধি লর্ড কর্ণওয়ালিচ, গৱৰ্ণৰ জেনেৰেল আছিল। তেওঁ, ঐঃ ১৭৯২ চনত, কাপ্তান ওৱেলচ, চাদাবক ‘সাত কোম্পানি’ চিপাহীৰ সেনাপতি পাতি আহােম ৰজাক সহায় কৰিবলৈ পঠিয়ায়। ওৱেল, চাহেবে গুৱাহাটীত স্বৰ্গদেৱৰে সৈতে দেখা-সাক্ষাৎ কৰি, তেওঁৰপৰা সমুদায় বৃত্তান্ত জানি লৈ, পােনপ্রথমে জয়স্তাৰ ৰজাক ৰণত ঘটাই পুনঃ আহােম ৰজাৰ বশ্যতা স্বীকাৰ কৰালে। তাৰ পাচত, ৰৰ ৰজা কৃষ্ণনাৰায়ণক দমাই আকৌ আহােম ৰজাৰ তলতীয়া কৰিলে। তাৰ পাচত কাপ্তান ওৱেলচ, স্বৰ্গদেৱৰে সৈতে নগৰলৈ উজাই আহিল। | তেতিয়ালৈকে মহামন্ত্রী মহামতি পূৰ্ণানন্দ বুঢ়াগােহাঞি ভাঙ্গৰীয়াই তেওঁৰ অভেদ্য কৌশলৰ বলেৰে । সাত বছৰ নগৰ ৰক্ষা কৰি আছিল। পূর্বে কেইবাবাৰে জয়লাভ কৰি মন বাঢ়ি থকা মােৱামৰীয়াবিলাকে অলপীয়া সৈন্যৰে সৈতে অহা চাহাবক দা-যাঠি জোকাৰি ভাবুকি দি খেদিবৰ অৰ্থে, হাজাৰে-হাজাৰে আহি বেৰি ধৰিলে। কিন্তু, বৃটিচৰ সুশিক্ষিত সৈন্যৰ বন্দুকৰ গুলীৰ আগত তেনে দা-জোকাৰণি কিমান পৰ ঠাৱৰিব। -বৃটিচ সৈন্যৰ কৌশল অদ্ভুত মানি অলপ সময়ৰ ভিতৰতে মােৱামৰীয়াবিলাক মূৰ নেদেখুৱাত পৰিল! এইদৰে মােৱামৰীয়াক সম্পূর্ণ বশ কৰি, কাপ্তান ওৱেলচ, চাহাবে অসম ৰজাৰপৰা বিস্তৰ ধন-বস্তুৰ উপহাৰ লৈ (১), বঙ্গদেশলৈ উলটি গ’ল। স্বৰ্গদেৱে, খ্ৰী: ১৭৯৩ চনত, নিজৰ নগৰ আকৌ হাত কৰি ললে। কাপ্তান চাহাবে পূৰ্ণানন্দ বুঢ়াগােহাঞি ডেকা ডাঙ্গৰীয়াক দেখি, এই বুলি ৰহকৈ কৈছিল, “বুঢ়াগােহাঞি বুঢ়া বুলিহে জানিছিলে , এতিয়া দেখো ডেকাহে” ২)। “পতা-ফুকন” বা স্বয়ম্ভু ৰজা :-মােৱামৰীয়াৰ বিদ্রোহ চলি থাকোতেই সিফালে গােটই ৰাজ্যত ভাগে ভাগে অলেখ স্বয়ম্ভু ৰজা বা ৰা' নামধাৰী ক্ষুদ্র ক্ষু শাসনকর্তাই প্রভুত্ব চলাবলৈ ধৰিলে। লোহিতৰ উত্তৰ পাৰে জাপৰীভিটাত তাতী নামেৰে যুগ মানুহ এটাই ৰজা বোলাই গা-চালি দি উঠিছিল; দিহিঙ্গৰ পূবে ৰেমৰা | (১) –“বৰ লেখা-সােণৰ অলঙ্কাৰ ১, ••••• টা, ৰূপৰ ••••• টা, সােণ ২••••••• টকা। আৰু তাম, ফাহ, পিতল, বন্ধু-অলঙ্কাৰ যিমান নিলে তা লেখি কোনে অন্ত পাৰ? মাও ২••• খন, তাল হাতী ১টা, মাখুশী ১৮ হিলৈ ০••• টা, এইবােৰ লৈ ১৭১৬ শফৰ জেষ্ঠ মাস সকল চাহাব চিপ সৈতে আইকলিকতালৈ গ'ল।” -মায়াছৰ ভূঞা সম্পাদিতুমুলীয়া বুৰঞ্জী,” ১২৯ পৃষ্ঠা ২০ জন। ( আনা ঘৰবৰুৱাৰ—“তুখীয়া বুৰঞ্জী,” ১২৭ পৃ. ৭০১ ছেদ।