অসমৰ বুৰঞ্জী ভিতৰুৱাল ফুকন, বৰফুকন, পৰ্বতীয়া ভট্টাচাৰ্য গোৰ্সাই এইসকলৰ ঘৰত মোৱামৰীয়াই জুই দিবলৈ ধৰিলে। সেই ঘটনাই নগৰত তোলপাৰ লগালে। ঘাইমন্ত্ৰী কশেৰ বৰপাত্ৰগোহাঞি ডাক্ষৰীয়াই আকৌ মোৱামৰীয়াৰ বিদ্ৰোহৰ আগন্তক আনি, আৰু পূৰে মৰাণ বিদ্ৰোহত ভাঙ্গৰীয়া বিষয়াৰ দুৰ্দশাৰ কথালৈ সুৱৰি চাই, ভয়ত ভটিয়াই পলাই আত্মৰক্ষা কৰিলে। তেওঁ ভটিয়াই যোৱাত, ঘনশ্যাম বুঢ়াগোহাঞি ডাক্ষৰীয়াই, ঐঃ ১৭৮২ চনত, ঘাই-মন্ত্ৰীৰ বাৰ লৈ, নানা কৌশলেৰে বিদ্ৰোহী বিলাকক দমন কৰি আকৌ ৰাজ্যত শান্তি স্থাপন কৰিলে। | মোৱামৰীয়াৰ ২য় বিদ্ৰোহ-প্ৰথমবাৰৰ বিয়োহত মোৱামৰীয়াবিলাকে ঘনশ্যাম বুঢ়াগোহাঞি ডাঙ্গৰীয়াৰ কৌশল ভেদিব নোৱাৰি উলটি পলাল যদিও, সিবিলাকৰ মন নাগিল; সিবিলাকে তলে তলে আকৌ ষড়যন্ত্ৰ কৰিবলৈ ধৰিলে। মোৱামৰীয়াবিলকে গৌৰীনাথসিংহ স্বৰ্গদেৱৰ অত্যাচাৰৰ প্ৰতিশোধ দিবৰ নিমিতে দৃঢ়প্ৰতিজ্ঞ হৈ এইবাৰৰ আয়োজনত একাণপতীয়া মনোযোগ দি লাগিলে। এনে সমস্যাত, ঘনশ্যাম ডাঙ্গৰীয়াৰ মৃত্যু হোৱাত, তেওঁৰ ডেকা পুত্ৰ পূৰ্ণানন্দ গোহাঞিদেয় নতুনকৈ বুঢ়াগোহাঞি ডাঙ্গৰীয়া হয়। এই কথাত অধিক বল পাই, মোৱামৰীয়াবিলাক চালি ধৰি উঠিল, আৰু খ্ৰীঃ ১৭৮৭ চনত, দেখাদেখিকৈয়ে বিদ্ৰোহ উপস্থিত কৰি, মোৱামৰীয়াবিলাকে চাৰিওফালৰপৰা নগৰ বেৰি ধৰিলেহি। * ভেকা মহামন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঞি ডাঙ্গৰীয়া এজন বৰ বিচক্ষণীয়া বুদ্ধিৰ পুৰুষ আছিল। হঠাৎ বিপদে গ্ৰাস কৰিবলৈ ধৰা যেন দেখিও, তেওঁ বিচলিত নহল। তেওঁ ধীৰভাৱে এজাক ৰণুৱা সজাই মোৱামৰীয়াবিলাকৰ লগত ৰণ দিবলৈ পঠিয়ালে। কিন্তু মোৱামৰীয়াবিলাক এইবাৰ বিষম বিক্ৰমেৰে আহিছিল; ৰাজকীয় সেনাই সিবিলাকৰ আগত সৰপৰ ঠাৱৰিব নোৱাৰিলে। মহামতি পূৰ্ণানন্দ বুঢ়াগোহাঞি ডাঙ্গৰীয়া ইমানতো চঞ্চল নহল, তেওঁ নানা ঠাইত আহোম কোঠ মৰাই মোৱামৰীয়াৰে সৈতে ৰণ দিবলৈ ধৰিলে (১; ইতিমধ্যত স্বৰ্গদেৱক গুৱাহাটীৰ ফালে সৈন্য-সামন্ত যোগাৰ কৰিবৰ অৰ্থে পঠিয়াই লৈ, নিজে নানা কৌশলৰে নগৰ ৰক্ষা কৰিবলৈ ধৰিলে। ইফালে নগৰৰ বাহিৰত মোৱামৰীয়াবিলাকে যুদ্ধত জয় হোৱাৰ ঢৌ তুলি দি, ভৰতসি হ নামেৰে মটক এটাক ৰা বুলি ঘোষণা কৰিলে; আৰু সৰ্বানন্দ নামেৰে আন এটা মটকক মোৱামৰীয়াৰ ৰাজ্যৰ গৰাকী পাতিলে। স্বৰ্গদেৱ গুৱাহাটীলৈ ভটিয়াই যোৱাৰ বাতৰি পাই, পূৰ্বে তলতীয়া হৈ থকা কছাৰী, জয়ন্তা আৰু ৰহৰ ৰজা এই সকলেও মূৰ জোকাৰি উঠিলে। এইদৰে চাৰিওফালৰপৰা বিপদে বেৰি ধৰাত, স্বৰ্গদেৱে অগত্যা বৰফুকনৰে সৈতে যুগুতি কৰি, গুৱাহাটীৰপৰাই পানীফুকন আৰু ঢেকীয়াল ফুকনৰ লগত কিছুমান সৈন্য | + মিল,sir Edward Gait’s History of Assam," Page 19, (১) চি-কোঠ (বুঢ়াগোহাঞি ডাক্ষৰীয়াৰ ঘাই কে-কোঠ), আপৰিভিটা, যুন-হাট, খবৰী, গড়, সোণাই নৈ, গৌৰীসাগৰ, শগুণমূৰী, টায়াৰপাৰ, মাছখোৱাগড়, জয়সাগৰ, আলিৰুেৰী, মিজান, মেৎে কপৌখাট, নামডাং, গোলাঘাট, দেওলি, চামগুৰি, কছাৰীহাট, ৰণৰাম, কলিয়াবৰ, চুটি , চৰাইবাহ, যোৰহাট, টীয়ক, চা, ফৈয়াং, চেইনীজলি, ৰি, মৰজি, কাজলী, আক্ৰো টাৰ্য্যৰ বালি, তিনি।
পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১০৬
অৱয়ব