পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(খ)

 গোহাঞিবৰুৱাৰ জীৱিত কালতে এই পুথিখনিৰ ১৯শ সংস্কৰণ প্ৰকাশিত হয়। এই শেহতীয়া সংস্কৰণ ওলাইছিল ১৯৩৭চনত। গোহাঞিবৰুৱাই শেষলৈকে কিতাপখনৰ সংশোধন আৰু পৰিৱৰ্তনৰ কাম চলাই গৈছিল। আজি সুদীৰ্ঘ ৩৯বছৰৰ মূৰত অসম প্ৰকাশন পৰিষদৰপৰা এই আপুৰুগীয়া বুৰঞ্জীখন পুনৰ্মুদ্ৰিত কৰি পাঠকসকলৰ হাতত দিবলৈ পাই আমি গৌৰাৱান্বিত আৰু আনন্দিত বোধ কৰিছো। আমাৰ বিশ্বাস,পাঠকসকলে এই বুৰঞ্জীখন সাদৰেৰে গ্ৰহণ কৰি আমাক অনুপ্ৰাণিত কৰিব।


গুৱাহাটী        চন্দ্ৰপ্ৰসাদ শইকীয়া

১৫মে', ১৯৭৬