পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পাতনি

 সাহিত্যচাৰ্য পদ্মনাথ গোহাঞিবৰুৱাৰ জন্ম-শতবাৰ্ষিকী উপলক্ষে এই পৰিষদে ইতিমধ্যে তেওঁৰ ৰচনাৱলী’কে ধৰি তিনিখন গ্ৰন্থ প্ৰকাশ কৰিছে। আন দুখন গ্ৰন্থ হ'ল গোহাঞিবৰুৱাৰ আত্মজীৱনী "মোৰ সোঁৱৰণী" আৰু স্মৃতিগ্ৰন্থ ‘পদ্মনাথ গোহাঞিবৰুৱা'।

 ‘গোহাঞিবৰুৱাৰ ৰচনাৱলী'ত তেওঁৰ প্ৰায়বোৰ ৰচনা সন্নিৱিষ্ট কৰা হৈছিল যদিও, গোহাঞিবৰুৱাৰ দ্বাৰা ৰচিত পাঠ্যপুথিসমূহ তাত সামৰা হোৱা নাছিল। ‘অসমৰ বুৰঞ্জী’ও পাঠ্যপুথি হিচাপেই ৰচনা কৰা হৈছিল। কিন্তু আধুনিক যুগত ৰচিত অসমৰ বুৰঞ্জীৰ ভিতৰত গোহাঞিবৰুৱাৰ ‘অসমৰ বুৰঞ্জী’খনৰ এটি সুকীয়া মূল্য আছে। গুণাভিৰাম বৰুৱাৰ 'আসাম বুৰঞ্জী'ৰ পিছতে গোহাঞিবৰুৱাৰ ‘অসমৰ বুৰঞ্জী’ আধুনিক যুগত অসমৰ ইতিহাস ৰচনা কৰাৰ এক উল্লেখযোগ্য প্ৰয়াস। এই বুৰঞ্জী ৰচনা কৰোঁতে গোহাঞিবৰুৱাই যথাসম্ভব বিভিন্ন ক্ষেত্ৰৰপৰা সঠিক তথ্য-পাতি আৰু সমল আহৰণ কৰিছিল। এইসকলৰ ভিতৰত বিভিন্ন বুৰঞ্জী, বংশাৱলী, শাসনাৱলী, ঐতিহাসিক দলিলপত্ৰ আদিকে ধৰি নিৰ্ভৰযোগ পৰম্পৰাৰো তেওঁ সহায় লৈছিল। যদিও সাহিত্যাচাৰ্যৰ প্ৰাথমিক উদ্যেশ্য আছিল স্কুলীয়া ছাত্ৰসকলৰ বাবে অসম বুৰঞ্জীৰ এখন নিৰ্ভৰযোগ্য পাঠ্যপুথিৰ যোগান ধৰা,-এক ঐতিহাসিক সন্ধিক্ষণত কেৱল পাঠ্যপুথিৰ লেখক হিচাপেই গোহাঞিবৰুৱা সকলো অসমীয়াৰ মানত অবিস্মৰণীয় হৈ ৰ’ব-তথাপি, এই গ্ৰন্থখনৰ ঐতিহাসিক আৰু সাহিত্যিক মূল্যও অনস্বীকাৰ্য।

 গোহাঞিবৰুৱাৰ জীৱনত অসম আৰু অসমীয়াৰ স্থান আছিল সবাতোকৈ ওপৰত। অসমৰ ভাষা আৰু সংস্কৃতি,অসমৰ বুৰঞ্জী আছিল তেওঁৰ সকলো কৰ্মপ্ৰেৰণা আৰু উদ্যমৰ উৎস। সেয়ে বুৰঞ্জীৰ অধ্যয়ন আৰু ৰচনাৰ উপৰিও, তেওঁৰ সাহিত্য-কৃতিৰ বিভিন্ন ক্ষেত্ৰত বুৰঞ্জীয়ে প্ৰভাৱ পেলাইছে। বুৰঞ্জীমূলক নাটৰ বাহিৰেও গোহাঞিবৰুৱাৰ উপন্যাস আৰু কবিতাটো বুৰঞ্জীৰ ছাব স্পষ্ট।

 বুৰঞ্জী ৰচনাৰ পৰম্পৰাই অসমীয়া সংস্কৃতিক এক বিশিষ্ট গৌৰৱময় ৰূপ দিছে। পদ্মনাথ গোহাঞিবৰুৱা আছিল সেই সাংস্কৃতিক পৰম্পৰাৰ সুযোগ্য উত্তৰাধিকাৰী। আনকি তেওঁৰ 'অসমৰ বুৰঞ্জী'ৰ ভাষাতো আহোম বুৰঞ্জীৰ ভাষাৰ প্ৰতিধ্বনি শুনিবলৈ পোৱা যায়।

 যদিও আধুনিক গৱেষণাদিৰ আধাৰত অসমৰ ইতিহাসৰ বিভিন্ন দিশৰ ওপৰত এভিয়া নতুনকৈ আলোকপাত হব ধৰিছে, আৰু অসমৰ এখন পূৰ্ণাংগ ইতিহাস ৰচনাৰ কাম এতিয়াও সম্পূৰ্ণ হবলৈ বাকী,তথাপি,তথ্য-পাতিৰ কিছুমান আসোঁৱাহ সত্ত্বেও গোহাঞিবৰুৱাৰ 'অসমৰ বুৰঞ্জী'ৰ ঐতিহাসিক আৰু সাহিত্যিক মূল্য কোনেও নুই কৰিব নোৱাৰে।