পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৮
সাহিত্য-সম্পদ।


 তোমালোকে ছাইকেলৰ লেম্পবোৰত কাৰবাইড জ্বলোৱা। তাৰ পোহৰ কেনে? সেইদৰে সুৰ্য্যৰ চাৰিওফালে অনন্ত গেছ আছে, সেই গেছ দিনে-ৰাতি জ্বলিব ধৰিছে। ই অবিৰাম হু- হু কৈ জ্বলি আছে। সেয়েহে আমি সুৰ্য্যৰপৰা ইমান দূৰৈত থাকিও সূৰ্য্যৰ ইমান তাপ আৰু পোহৰ পাওঁহঁক। গ্ৰহ, নক্ষত্ৰ, পৃথিবী জগতৰ আটায়ে সূৰ্য্যৰ জ্বলন্ত শক্তিৰ গুণত তাপ আৰু পোহৰ পায়। নহলে বিশ্বব্ৰহ্মাণ্ড ঘোৰ এন্ধাৰত পৰি থাকিলহেঁতেন।

⸺⸺