যায়। সূৰ্য্যৰ পৰা সদায় জুই ওলাই আছে তাৰ গুণতে আমি তাপ আৰু পোহৰ পাওঁ। জহকালি একুৰা ডাঙ্গৰ জুইৰ ওচৰলৈ গলে গোটেই গা ঘামি যায়। তেতিয়া বাহিৰৰ ৰ’দত ওলালেও ঘামি যায়। ইয়াৰপৰা বুজিব নোৱাৰোঁ নে যে জুই আৰু ৰ’দ একে? ৰ’দেই জুই। সূৰ্য্যৰ পৰা অবিৰাম জুই ওলাব ধৰিছে কাৰণ - জুই নাথাকিলে তাপ আৰু পোহৰ অসম্ভৱ।
তোমালোকে ৰাতি সৌ ইলেকট্ৰিক লাইটবোৰ দেখা নাইনে? সেই ডিমাৰ ( bulb) ভিতৰত থকা অকণমান গুণা এডাল জ্বলি থকা দেখা নাইনে? সেই গুণা ডাল জুই লাগি এঙ্গাৰৰ নিচিনা হৈ একেবাৰে জ্বলি আছে, তোমালোকে তাত হাত দিলেই সৰ্ব্বনাশ! তাত জুই উৎপন্ন হৈছে। সেই জুইয়ে পোহৰ দিছে। সেই পোহৰত তোমালোকে সন্ধিয়া জুৰ বতাহ খাই ফুৰা। তেনেহলে জুই থাকিলেই তাপ আৰু পোহৰ আৰু এঠাইত পোহৰ থাকিলেই তাত জুই আছে বুলি বুজিব লাগিব।
তোমালোকে সুধিব পাৰা যে তাত কিহৰ জুই বা সেই জুই কোনে ধৰিছে? তাৰ উত্তৰ এই—তাত খৰি বা কয়লাৰ জুই নহয়—তাত গেছৰ জুই জ্বলি আছে। সূৰ্য্যৰ চাৰিওফালে অনন্ত গেছ জ্বলি আছে আৰু ই যে কিমান দিনৰপৰা জ্বলি আছে কোনেও কব নোৱাৰে বা কিমান দিন ই জ্বলি থাকিব তাকো কব নোৱাৰে।