পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৪
সাহিত্য-সম্পদ।


পামহি। তেনেহলে পৃথিবীখন এবাৰ ঘুৰা অহা নহলনে? নিশ্চয় হল। এনেকৈ এবাৰ ঘুৰি আহোঁতে কিমান সময় লাগে জানানে? অৱশ্যে জাহাজত গলে বেছি সময় লাগে। কিন্তু ধৰি লোৱা যে পৃথিবীৰ চাৰিও ফালে এটা ৰেলৰ লাইন আছে; সেই লাইনেৰে এখন ডাকগাড়ী ঘণ্টাত ৫০ মাইল হিচাবে যায় বুলি ধৰি লোৱা। ডাকগাড়ীখন কোনো ষ্টেছনত নথামাকৈ দিনে-ৰাতি যদি এই হিচাবে যায় তেন্তে কিমান সময় লাগে কব পাৰানে? হিচাব কৰি দেখা গৈছে যে বেছি সময় নালাগে, মুঠতে ২১ দিনহে লাগে। এতিয়া ধৰি লোৱা যে সূৰ্য্যৰ চাৰিফালেও ঘূৰণীয়াকৈ এনেকুৱা এটা ৰেলৰ লাইন আছে। তাৰে ডাক- গাড়ী এখনত আমি কেজনমান উঠিলোঁ। গাড়ীখন ৰিঙ্গিয়াই ৰিঙ্গিয়াই হুৰ হুৰকৈ শব্দ কৰি দিনে-ৰাতি যাবলৈ ধৰিলে। আমিও ঘন্টাত ৫০ মাইল হিচাবে যাবলৈ ধৰিলোঁ। বাৰু এতিয়া হিচাব কৰি চোৱাচোন আমি ঘন্টাত ৫০ মাইলকৈ সূৰ্য্যৰ চাৰিওফালে মেৰ এটা ঘুৰি আহিলে কিমান সময় লাগে। পণ্ডিতসকলে হিচাব কৰি উলিয়াইছে যে আমাক সাত বছৰ যোৱাকৈ চাউল, ডালি মছলা, লোণ, তেল, গাখীৰ, ঘিউ সকলোকে এখন বেলেগ গাড়ীত বোজা দিব লাগিব। তেতিয়াহে আমি যাত্ৰা কৰিব পাৰিম; নহলে অলপীয়াকৈ আহাৰ-পানী নিলে আমি বাটতে শুকাই মৰিব লাগিব। পৃথিবীৰ মেৰ এটা ঘুৰোঁতে আমাক লাগে ২১ দিন—এমাহো নহয় আৰু সুৰ্য্যটোৰ মেৰ এটা ঘুৰোঁতে লাগে ঠিক সাত বছৰ।