পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৫
সূৰ্য্য কি আৰু কেনে?

তেন্তে এতিয়া ভাবি চোৱা সুৰ্য্য আমাৰ পৃথিবীতকৈ কিমান ডাঙৰ আৰু পৃথিবীখন কিমান সৰু। ঠিক সৰিয়হটো আৰু কলহটো নহয় নে?

 ছাত্ৰ— তেনেহলে গুৰুদেৱ, সূৰ্য্যটোক দেখোঁ এখন কাঁহীৰ নিচিনাহে দেখি, কাৰণ কি?

 গুৰু—এৰা, ঠিক এখন সৰু কাঁহীৰ নিচিনাই দেখি। বাৰু তোমালোকেই ভাবি চোৱাচোন। সৌ নীলাচলৰ ভুবনেশ্বৰী দেবীৰ মন্দিৰটো কিমান ডাঙৰ! এইটো বেছি দূৰৈৰ কথা নহয় ৩/৪ মাইল মাত্ৰ দূৰৈৰ কথা। এইখিনি দূৰৈতে ইমান ডাঙ্গৰ মন্দিৰ এটাক ইমান সৰু দেখি। তেন্তে এতিয়া অনুমান কৰা- চোন সুৰ্য্যটো আমাৰ পৰা কিমান দূৰৈত আছে—ই ৩/৪ মাইল ওপৰত নহয় তেনেকুৱা কোটি কোটি মাইল ওপৰত। সেই কাৰণে এখন কাঁহী যেন দেখি। তেনেহলে আচলতে ই এখন প্ৰকাণ্ড ভাঙৰ ঘুৰণীয়া কাঁহী নহয় নে? পণ্ডিত সকলে ঠিক কৰিছে যে সূৰ্য্য পৃথিবীৰপৰা ন কোটি ত্ৰিশ লাখ মাইল দূৰৈত —বুজিলানে? শৰ দহগুণ হাজাৰ হাজাৰৰ এশ গুণে লাখ, আকৌ লাখৰ এশ-গুণেহে কোটি হয়। তেনেকুৱা ন কোটি। কম নহয়। আমি আমাৰ পৃথিবীত হিচাব কৰো, দু-মাইল, দহ-মাইল, হাজাৰ মাইল। যেনে আমাৰ ইয়াৰ পৰা লণ্ডন মুঠতে ১০ কি ১১ হাজাৰ মাইল; তাকেই আমি বহুত বুলি ভাবোঁ। তেনেহলে সূৰ্য্য আমাৰপৰা কিমান দূৰৈত এতিয়া ভাবি চোৱা—কল্পনা কৰা টান নহয় নে?