সৰু গ্ৰহ, নক্ষত্ৰ, পৃথিবী আদি সকলোকে চাৰিওফালে ঘুৰাব
ধৰিছে—পৰস্পৰ আকৰ্ষণ শক্তিৰ গুণত কোনোৱে নিজৰ ঠাই
এৰিব নোবাৰি নিজ নিজ বাটত ঘুৰিব লাগিছে, ই আজি নহয়
—ই অবিৰাম চলিছে।
এতিয়া তোমালোকক সূৰ্য্যৰ বিষয়ে এষাৰ কওঁ। সূৰ্য্য বৰ ডাঙৰ বস্তু। তোমালোকে জানা যে আমাৰ পৃথিবীখন কিমান ডাঙৰ। এনেকুৱা পৃথিবী তেৰ লাখ মান লগ লগালেহে কিজানি সূৰ্য্যৰ সমান হব—সূৰ্য্য ইমানেই ডাঙৰ। আৰু, এটা উদাহৰণ চোৱা,—ধৰি লোৱা যে আমাৰ পৃথিবীখন এটা সৰিয়হৰ সমান। এতিয়া এটা বৰ ডাঙৰ কলহ আনা আৰু তাৰ ভিতৰত সৰিয়হ ভৰোৱা। তাত কিমান সৰিয়হ ধৰিব লেখিব পাৰিবানে? তেনেহলে দেখা যায় যে পৃথিবীখন যদি সৰিয়হটোৰ সমান হয়, তেন্তে সূৰ্য্যটো সেই ডাঙৰ কলহটোৰ নিচিনাই হব। কাজেই সূৰ্য্যটো এটা প্ৰকাণ্ড ডাঙৰ বস্তু। আকৌ এটা হিচাব দিওঁ চোৱা—পৃথিবী বৰ ডাঙৰ হলেও আজিকালি পৃথিবীৰ চাৰিওফালে ঘুৰিব পাৰোঁ। কলিকতাৰ পৰা জাহাজত উঠি ভাৰত মহাসাগৰেদি আৰব সাগৰ পাৰ হৈ ছুয়েজখাল পামগৈ। ছুয়েজ খাল এৰি ভূমধ্য সাগৰ পাৰ হৈয়েই জিব্ৰাল্টৰ প্ৰণালী পামগৈ৷ তাৰ পৰা আটলান্টিক মহাসাগৰ পাৰ হৈ আমেৰিকা মহাদেশ পাৰ হব লাগিব। তাৰ কিচতে প্ৰশান্ত মহাসাগৰ এৰি চীন, জাপান পামগৈ। তাৰ পিচতে ব্ৰহ্মদেশৰ দক্ষিণেদি ভাৰত মহাসাগৰ সোমাই আকৌ কলিকতা।