পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সূৰ্য্য কি আৰু কেনে?

 ছাত্ৰ— গুৰুদেৱ, আপুনি কৈছিল যে আমাৰ পৃথিবীখন শূন্যতে ওলমি আছে। ইনো কেতিয়াও জৰি ছিগি নপৰেনে?

 শিক্ষক— ছাত্ৰসকল, আমাৰ পৃথিবীখনক লগাই ক’তো ওলোমাই থোৱা নাই , ই আপোনা-আপুনি জৰিত ওলমি থকাৰ দৰে ওলমি আছে। বাৰু, কেনেকৈ ওলমি থাকে তোমালোকক বুজাই দিওঁ। তোমালোকে লো আৰু চুম্বক দেখিছা নহয়নে? চুম্বক এছটাৰ ওচৰত কিছুমাক লোৰ গুৰি যদি ছটিয়াই দিয়া হয় তেন্তে লোৰ গুৰিবোৰ চুম্বক ছটাৰ ফালে আপোনা-আপুনি যাবলৈ ধৰে। এতিয়া তোমালোকেই কোৱাচোন চুম্বক ডোখৰে লো গুলিবোৰক কিহেৰে টানি নিয়ে? তাত কিবা জৰি বা সুতা লগোৱা আছেনে? নাই। চুম্বক ডোখৰৰ ভিতৰত এনেকুৱা এটা শক্তি আছে যে ই আমি দেখা নোপোৱাকৈ কব নোৱাৰাকে লোৰ গুৰিবোৰক নিজৰ ফালে টানি নিয়ে। এনেকুৱা টানি নিয়া শক্তিটোক বিজ্ঞান- বিদ পণ্ডিতসকলে আকৰ্ষণ শক্তি বোলে। বৈজ্ঞানিক পণ্ডিত সকলে প্ৰমাণ কৰি চাইছে যে চন্দ্ৰ, সূৰ্য্য, গ্ৰহ, নক্ষত্ৰ, তৰা, পৃথিবী, জীৱ-জন্তু, এই বিশ্বব্ৰহ্মাণ্ডত যিমানবোৰ বস্তু আছে সকলোৱে পৰস্পৰ টানাটানি কৰি বান্ধ খাই আছে। তেওঁলোকে কয় যে মহা আকাশৰ মাজতে সূৰ্য্য স্থিৰ থাকি ডাঙৰ