চহকী হল, এই দেখি উড়িয়া, হিন্দুস্থানী আৰু বঙ্গালী ভাষাৰো শব্দ অসমীয়া ভাষাৰ লগত পোৱা যায়। অতি পূৰ্ব্ব কালত প্ৰায় গোটেই ভাৰতবৰ্ষতে সংস্কৃত মাথোন প্ৰচলিত আছিল। কালক্ৰমত উচ্চাৰণ লৰচৰ হৈ সেই সংস্কৃতৰপৰা প্ৰাকৃত ওলায়; পাচত সেই ভাষা পৰা হিন্দী আদি অনেক ভাষাৰ সৃষ্টি হয়; আৰু বোধ হয়, পুৰণি অসমীয়া ভাষাও তাৰে এটা ঠাল আছিল। পাচত হিন্দী বঙ্গালী আদি আন আন ভাষাৰ অনেক শব্দ তাৰ লগত মিহলি হৈ সি এতিয়াৰ অৱস্থা পাইছে। এইৰূপে মিহলি হোৱা বিদেশী শব্দত বাজে অনেক মূল সংস্কৃত শব্দ অসমীয়া ভাষাৰ লগত এনেহে মিহলি হৈ আছে যে, সেইবিলাক মাতক অনেকে সংস্কৃত বুলি নেজানে;—চাল, চালনী, শাক, সৰু ইত্যাদি শব্দবিলাক এই উক্তিৰ প্ৰমাণ।” এইদৰে হেমচন্দ্ৰ বৰুৱাই অসমীয়া ভাষাৰ যি উপকাৰ কৰি গল তাক কোনো অসমীয়াই পাহৰিব নোৱাৰে। সেইবাবে অসমীয়াৰ প্ৰসিদ্ধ সাহিত্যিক পেন্সনাৰে কয় যে “চন্দ্ৰদিবাকৰ আই বসুমতী থাকে মানে জগতত। অসমীয়া হেমচন্দ্ৰৰ পোহৰ জিলিকিব অসমত।”
⸺⸺