পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪
সাহিত্য-সম্পদ।

এই নলিৰ আগত এখন আয়না লাগোৱা থাকে। সেই আয়না এনে ভাৱে লাগোৱা আছে যে চবমেৰিণত থকা মানুহবোৰে সেই আয়না সহায়েৰে শত্ৰুপক্ষৰ গতি বিধি স্থিৰ কৰিৱ পাৰে জাৰ্ম্মান যুদ্ধৰ সময়ত চবমেৰিণ ব্যৱহাৰ হৈছিল। চবমেৰিণৰ সমুখত টৰ্পেডো নামে এবিধ অস্ত্ৰ থাকে। এই টৰ্পেডোত এনে বোৰ বস্তু থাকে যে কোনো এটা বস্তুৰ লগত টৰ্পেডোৰ সংঘৰ্ষণ ঘটিলে তৎক্ষণাৎ টৰ্পেডো ফুটি শত্ৰুপক্ষৰ জাহাজ ধ্বংশ কৰি পেলায়। টৰ্পেডোই এনেকৈ অসংখ্য যুদ্ধ জাহাজ মহা যুদ্ধৰ সময়ত নষ্ট কৰিছিল।

 এইবোৰত বাদেও আজি কালি “ওয়াৰ লেচ” টেলিগ্ৰাফ বা তাৰ নোহোৱাকৈ এ ঠাইৰ পৰা আন ঠাইলৈ বাতৰি চলাচল কৰিব পৰা সৰঞ্জাম ওলাইছে। তাৰৰ ব্যৱহাৰ নোহোৱাকৈয়ে এ ঠাইৰ কথা আন ঠাইলৈ নিব পৰা হৈছে, আৰু এই তাৰহীন যন্ত্ৰৰ সহায়েৰে যুদ্ধৰ সময়ত বহুত বাতৰি দিহা দিহি পঠাবলৈ বৰ বিশেষ সুবিধা হৈছিল। এই যন্ত্ৰৰ সহায়েৰে আজি কালি আকৌ দূৰ বিদেশৰ গীত যন্ত্ৰাদি ঘৰতে বহি শুনিব পৰা হৈছে। এই যন্ত্ৰক ’ৰেডিয়েতৰ’ বোলে।

 ইয়াৰ সহায়েৰে কলিকতাত হোৱা গান বাজনা বা বিলাতত হোৱা গীত বাদ্যাদি ঘৰতে বহি শুনিব পৰা যায়। এনেকৈ দিনক দিনে জগতে নানা নাশ্ৰুত নাভুত কথাৰ উদ্ভৱ কৰিব লাগিছে।

⸻⸺