পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আনন্দৰাম বৰুৱাৰ স্বৰ্গযাত্ৰা।

অকষ্মাৎ কিয়   আজি সুৰলোকে
 আনন্দৰ ধ্বনি উঠিছে ঘনে।
গাইছে গন্ধৰ্ব্বী  নাচিছে ত্ৰিদিব,
 লৰে দেৱদূত আনন্দ-মনে!
কিয় জ্যোতিৰ্ম্ময়  স্বৰগ-দুৱাৰ
 অকস্মাৎ আজিমুকলি হ'ল।
লগে দেৱবালা,  সৰস্বতী আই
 বিমানপথ অপেক্ষি ৰ’ল।
ইকি ইকি চোৱাঁ,  অসম গৌৰৱ,
 তাৰতৰ ধন আনন্দৰাম।
সুবৰ্ণ-ৰথত,  আলোকি বিমান,
 কৰিছে প্ৰয়াণ শান্তিৰ ধাম।
চোৱাঁ চোৱাঁ লগে  সৰস্বতী আই
 উলাহ-মনেৰে কোলাত তুলি।
“পানী কৰি তেজ,  খাটি মোৰ গুণে,
 কত ভাগৰেৰে আহিছা” বুলি॥
পিয়ালে অমৃত,  পাৰিজাত-মালা,
 দিলে তুলি শিৰে দেৱসমাজ।
বাজিল দুন্দুভি,  পাণিনি অমৰ
 পিন্ধালে আপুনি দেৱৰ সাজ॥