পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৩
এৰােপ্লেন, জেপেলিন, চবমেৰিণ, টর্পেডাে

নোৱাৰে। কেতিয়াবা কেতিয়াবা দুই জন যাত্ৰীৰে আকাশত এৰোপ্লেনেৰে “হাৱা” খাই ফুৰিব পাৰি। এৰোপ্লেনৰ ইমান উন্নতি হৈছে যে আজি কালি ইংলণ্ডৰ পৰা ভাৰতবৰ্ষলৈ ইয়াৰে ডাক অনা নিয়া কৰে, আৰু এনে কথাও চলিছে যে ভাৰতবৰ্ষৰ পৰা বিলাত লৈ যাত্ৰীও অহা যোৱা কৰিব আৰু লগতে ভাৰত- বৰ্ষৰ অন্যান্য ঠাইৰ পৰাও ডাক অনা নিয়া কৰা হব। পূৰ্ব্বে বিলাতৰ পৰা ডাক অনা নিৱা কৰিবলৈ প্ৰায় তিনি সপ্তাহ লাগিছিল এতিয়া সেই কাষ এৰোপ্লেনৰে প্ৰায় তিনি চাৰি দিনতে সমাধা হৈছে। জাৰ্মান যুদ্ধৰ সময়ত এৰোপ্লেনত মানুহ উঠি আলেঙ্গে আলেঙ্গে শত্ৰু পক্ষৰ আলেখ লেৰ চাইছিল। কেতিয়াবা এৰোপ্লেনেৰে মানুহ গৈ শত্ৰু পক্ষৰ মাজত “বোমা” পেলাই দি শত্ৰু পক্ষ নাশ কৰিছিল।

 চবমেৰিণ পানীৰ তলেদি যোৱা জাহাজ। ই পানীয়েদি ডুবিয়াই যায়। সেই দেখি তাহানি কোনোবা এখন বাতৰি কাকতে চামমেৰিণৰ নাম পানী কাউৰী জাহাজ দিছিল। ই দহ ফুট পানীৰ তলেদি অনায়াসে যাব পাৰে, চৰমেৰিণ পানীৰ তলেদি যাওঁতে যাত্ৰীবিলাকে যাতে উশাহ নিশাহ অবাধে লব পাৰে তাৰ দিহা আছে, আৰু তাত থকা বায়ু যাতে দোষিত নহয় তাৰো উপায় আছে। চবমেৰিণৰ দুয়ো মূৰ ক্ৰমাৎ সৰু। ই পানীৰ ওপৰেদি গৈ থাকে শত্ৰুৰ জাহাজ দেখা পালে তৎ- ক্ষণাৎ পানীত ডুব মাৰে। চাবমেৰিণৰ আগত এডাল সৰু নলি আছে। সেই নলিডাল পানীৰ ওপৰত ওলাই থাকে।