পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এৰোপ্লেন, জেপেলিন, চবমেৰিণ, টৰ্পেডো

আৰু ওয়াৰলেচ টেলিফনী।

 “বিজ্ঞান শাস্ত্ৰ জ্ঞানৰ ভৰাল”। এই বিজ্ঞানৰ আলোচনাৰে জগৎ দিনক দিনে উন্নত হব ধৰিছে। বিজ্ঞানে নতুন কথাৰ সৃষ্টি কৰিছে, নতুন তথ্য আবিষ্কাৰ কৰিছে, আৰু ইয়াৰ লগে লগে সংসাৰ ক্ৰমাৎ উন্নতি পথত অগ্ৰসৰ হৈছে। ইউৰোপত আজি কেবছৰমান আগেয়ে জাৰ্ম্মাণ আৰু ইংৰাজৰ মাজত যি মহা সমৰ লাগিছিল, তাত বহুতবোৰ নতুন কথা আৰু নতুন বিষয়ৰ আবিষ্কাৰ হৈছিল এৰোপ্লেন, জেপেলিন, চবমেৰিণ, টৰ্পেডো, নামেৰে নতুন নতুন আচৰিত বস্তু আবিষ্কৃত হৈছিল। আমি আগেয়ে শূন্যত বা আকাশত ফুৰিব পৰা কথা বিশ্বাস নকৰিছিলো শূন্যত বা আকাশত উৰি ভ্ৰমণ কৰিবলৈ আজি দুবিধ বিমান আবিষ্কাৰ হৈছে। এবিধ এৰোপ্লেন আৰু আন বিধক জেপেলিন বা “এয়াৰছিপ” বুলিব পাৰি। কাউন্ট জেপেলিন নামেৰে মানুহ এজনে জাৰ্ম্মানত এই বিমান আবিষ্কাৰ কৰে। আমি এক কথাত এই দুয়ো খনকে উৰনীয়া জাহাজ বুলিব পাৰোঁ৷

 এয়াৰছিপ বা জেপেলিন বৰ ডাঙ্গৰ। ই দীঘলে একোখন সৰু যুদ্ধ জাহাজৰ সমান। ই ৩০/৩৫ জন যাত্ৰী লৈ আকাশত উৰি ফুৰিব পাৰে। এৰোপ্লেন জেপেলিনতকৈ সৰু। ই ঘন্টা ১০০/১৫০ মাইলতকৈ অধিক বাট যাব