পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আহোম স্বৰ্গদেৱৰ অভিষেক।

 আহোম স্বৰ্গদেৱ সকল পাটত বহি শিঙ্গৰী ঘৰত নুঠেমানে ৰজাৰ পূৰ্ণ অভিষেক নহৈছিল। শিঙ্গৰী ঘৰত উঠা অভিষেক কাৰ্য্যত আহোম আৰু বৈদিক দুইৰো কৰ্ম্ম মিহলি। চড়াই দেও পৰ্ব্বতৰ ওচৰত বা নগৰৰ ওচৰৰ কোনো বহল ঠাইত স্বৰ্গদেৱৰ বাহৰ হয়। তাতে শিঙ্গৰী কাঠৰ তিনটা ওখ চাঙ্গঘৰ কৰা হয়। নানা তীৰ্থৰ জল আৰু হিন্দু আৰু আহোম মতৰ নানা মঙ্গলকৰ বস্তু আয়োজন কৰা হয়। দেশৰ সকলো মহন্ত আৰু বিষয়া সেই ঠাইলৈ গৈ একত্ৰিত হয়। শিঙ্গৰী ঘৰত পূৰ্ব্ব দিনা অধিবাস। আহোমৰ বাইলুঙ্গ আৰু হিন্দুৰ জ্যোতি ষীয়া সকলে শুভ লগ্ন স্থিৰ কৰি দিয়ে। আহোমৰ পুৰুহিত দেওধাই বাইলুঙ্গে কুকুৰাৰ ঠেঙ্গেৰে মঙ্গলামঙ্গল পৰীক্ষা কৰে, পাছে শুভলগ্ন উপস্থিত হলে স্বৰ্গদেৱে প্ৰধান মহিষী জনাই সৈতে শিঙ্গী স্নান মণ্ডপলৈ যায়। তাতে তীৰ্থৰ জলেৰে আৰু আন সুবাসিত নানা বস্তুৰে আহোম আৰু ব্ৰাহ্মণ পণ্ডিতৰ উচ্চাৰিত মন্ত্ৰেৰে স্বৰ্গদেৱে সভাৰ্য্য স্নান কৰে। এই ঘৰৰ তলত দুজন মানুহ ৰখা হয়। স্বৰ্গদেৱে স্নান কৰা জল এই মানুহৰ মূৰত পৰে। স্বৰ্গদেৱৰ স্নান শেষ হলে এই দুজনক এচৰু ৰূপ আৰু এচৰু সোণ দি খেদাই দিয়া হয়। ইহঁতে ঘুৰি নগৰৰ ফালে নেচাই নগৰৰ পৰা বাজ হৈ দেশ চাৰি