পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দয়া।

মিলন গাঠনি তুমি  শান্তিৰ নিজৰা
 চেনেহ প্ৰতিমা সংসাৰৰ,
জ্বলন্ত অগ্নিক তুমি  নুমোৱা বেগতে
 এই মহা ভীষণ ক্ষেত্ৰৰ।
গোটেই জগত জুৰি  তুমিয়ে ধৰণী
 তোমাতেই সকলোৰে আশ
আজি এৰি গলে তুমি  তপত বালিত
 দেই পুৰি হব সৰ্ব্বনাশ।

⸺⸺