পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭০
সাহিত্য-সম্পদ।

যায়। ইহঁত যি খেলৰ মানুহ তাৰ পৰা ইহঁতক কটা হয়। এই দুজন মানুহক নেওচা যোৱা বোলে। লোকৰ বিশ্বাস যে এই দুজনেই ৰজাৰ আৰু ৰাইজৰ অমঙ্গল নেওচা লই যায়। গুৱালপাড়া জিলাত এইৰূপ নেওচা যোৱা লোকৰ সন্ততি এতিয়াও আছে।

 মানৰ পাছত অভিষেক হোৱা শিঙ্গৰী ঘৰটোলৈ সভাৰ্য্যে স্বৰ্গদেৱ যায়। তাত আহোম আৰু বৈদিক মতে বাইলুঙ্গ মহন্ত পণ্ডিত সকলে ৰজাক শান্তি কৰি পুষ্প চন্দন মালাদি অভিষেক কৰে। ডাঙ্গৰীয়া সকল সেই ঘৰলৈ উঠি স্বৰ্গদেৱক সেবা কৰে আৰু ৰাইজে মাটীৰ পৰা সেৱা কৰে, জয়ধ্বনী হয়, শঙ্খ ঘণ্টা দবা নানাবিধ বাজনা বজোৱা হয়। ঘোড়া হাতীৰ দ্বাৰা ধ্বনি কৰোৱা হয়। ব্ৰাহ্মণ মহন্ত আৰু আন সকলক দান দক্ষিণা দিয়া হয়, স্বৰ্গদেৱে ভোজন সেই ঘৰতে কৰে। আবেলি হাতীৰ যুদ্ধ নাচ বাজনা আৰু আন অনেক ক্ৰিড়া কৰা হয়। বিষয়া সকলে স্বৰ্গদেৱক উপঢৌকন দিয়ে আৰু স্বৰ্গদেৱে বিষয়া মহন্ত, সকলোকে যথাযোগ্য বঁটা বাহন দিয়ে স্বৰ্গদেৱে এই সময়ত আহোম মতে নাম লয়। আহোমৰ কুকুৰাৰ ঠেঙ্গৰ দ্বাৰা মঙ্গল চোৱা নিয়ম। স্বৰ্গদেৱৰ এই নামকৰণ হোৱাত কুকুৰা ঠেঙেৰে বাইলুঙ্গে মঙ্গল চায় আৰু আহোম পুথি পঢ়ে। বন্দীশালত যিবিলাক বন্দীয়াৰ থাকে সেই বোৰক মুক্তি দিয়া হয়। ৰজা শিঙ্গৰী ঘৰত উঠা এটা প্ৰধান উৎসব, সেই দিনা দিনে ৰাতিয়ে