সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭
শ্ৰীশঙ্কৰদেৱ ।

 শ্ৰীশঙ্কৰদেৱৰ নাম লৈ তাপিত জনে সন্তোষ লাভ কৰে। তেওঁৰ নিৰ্ম্মল চৰিত্ৰ আৰু মাহাত্ম্যৰ জ্যোতিয়ে জ্ঞানী, অজ্ঞানী সভ্য, অসভ্য, ধনী, মানী, দুখী, দৰিদ্ৰ, সকলোৰে হিয়াত এনেদৰে পৱিত্ৰ সাঁচ বহুৱালে যে, আজিও ধৰ্ম্মপ্ৰাণ সাধুলোক সকলে তেওঁৰ নামত অনুপম শান্তি লাভ কৰে। শ্ৰীশঙ্কৰেদেৱে অসমীয়া সাহিত্যত অনেক পুথি ৰচনা কৰি গল। তেওঁ লিখা পুথি বোৰ অসমীয়া সাহিত্যৰ অমূল্য সম্পতি।

⸺⸺