সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬
সাহিত্য-সম্পদ।

মনোবাঞ্ছা পূৰ্ণ কৰিবলৈ তেওঁ ফাগুন মাহৰ পূৰ্ণিমা তিথিত বৃন্দাৱনী গোপালৰ দৌলোৎসৱ কৰি দেখুৱালে। তেতিয়াৰে পৰা অসমত ফাকুৱা উৎসৱ প্ৰচলিত হয়। আকৌ এদিন চিহ্ন যাত্ৰা ভাৱনা কৰি জ্ঞাতিসকলক মোহিত কৰিছিল। শ্ৰীশঙ্কৰে খোল তাল আদি বাদ্য আৰু নটুৱা পাতি, গায়ন বায়ন সুত্ৰধাৰ সমম্বিতে এই চিহ্নযাত্ৰা কৰিছিল। ইয়াৰ আগেয়ে অসমত ভাৱনা, খোল, তাল আদি নাছিল। শ্ৰীশঙ্কৰদেৱে প্ৰথমে অসমত ভাৱনা আৰু বাদ্যৰ সৃষ্টি কৰে। এই দৰে শ্ৰীশঙ্কৰদেৱে অসমৰ ধৰ্ম্মসংস্কাৰ আৰু সমাজ সংস্কাৰ কৰি কোচবিহাৰৰ অন্তৰ্গত কাকতকুটা নামে ঠাইত ১৪৯০ চৈধ্য শ নব্বৈ শক ভাদ মাহৰ শুক্লা দ্বিতীয়া তিথিত বৈকুণ্ঠগামী হয়।

 শ্ৰীশঙ্কৰদেৱ মানৱলীলা সম্বৰণ কৰিবৰ সময়ত নিজৰ সন্তান সন্ততি বিলাকৰ ভিতৰ কোনো এজনকে ধৰ্ম্মোপদেষ্টা হবৰ উপযুক্ত নেদেখি তেওঁৰ ধৰ্ম্মমালা তেওঁৰ প্ৰধান শিষ্য শ্ৰীমাধৱ- দেৱৰ মূৰত দি যায়। তেওঁৰ তিনিজন পুত্ৰ, ৰমানন্দ, হৰিচৰণ আৰু কমললোচন। কমললোচন তেওঁৰ জীৱন কালতে পৰ- লোক প্ৰাপ্ত হয়। ৰমানন্দই মাধৱদেৱৰ সহায়ত পিতৃদেৱৰ শ্ৰাদ্ধাদি কাৰ্য্য সমাপন কৰে।

 শ্ৰীশঙ্কৰদেৱৰ ধৰ্ম্ম মহাপুৰুষীয়া বুলি প্ৰখ্যাত। তেওঁৰ ধৰ্ম্মৰ চিনাকি এতিয়াও অসমীয়াৰ ঘৰে ঘৰে “কীৰ্ত্তন ঘোষাই” দিব লাগিছে। জগতত পবিত্ৰ বৈষ্ণৱধৰ্ম্ম প্ৰচাৰ কৰাই তেওঁৰ জীৱনৰ মহাব্ৰত আছিল।