পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬
সাহিত্য-সম্পদ।

হয়। পপীয়া তৰাবিলাক চকুৰ পচাৰতে লুকায়। যেতিয়া এই তৰাবিলাক পৃথিবী কক্ষৰ বাজত থাকে, তেতিয়া সিহঁত মুকলি মূৰে ফুৰে, সিহঁতৰ গতিৰ বাধা জন্মাবলৈ বাটত একো নাই। কিন্তু পৃথিবীৰ ফাললৈ আহিলে, আমাক বেৰি থকা বায়ুৱে সিহঁতক আগচি ধৰে। সিহঁতে সেই বায়ু ঠেলি আহোঁতে, অনেক সময়ত চোঁ চোঁ কৰে এটা শব্দ ওলায়। কেৱল যে শব্দহে ওলায়, এনে নহয়, আসৰিশ বেগত বায়ু ঠেলি আহোঁতে, বস্তু বিজ্ঞানৰ বিধি মতে, সিহঁত অতিশয় তপত হৈ পৰে। তেতিয়া সিহঁতৰ গাৰ বাষ্পবোৰ উতলি পাতলি পাতল হয় আৰু উৱলি গাৰ পৰা খহি যাবলৈ ধৰে। এই দৰে খহি যোৱা বাষ্পবোৰ বাটে বাটে ৰৈ গৈ এটা ৰঙ্গা পটি হৈ পৰে। এই পটিটোকে আমি নেজাল তৰাৰ নেজ বোলো৷ কোনটো তৰা এই দৰে বাটতে উৱলি লয় হয়, কোনোটা গোটেই উৱলিবলৈ নাপায়, এ- ডোখৰ আহি পৃথিবীত পৰে। পৃথিবীত পৰা ডোখৰ চেঁচা হৈ ডাঠ মাৰে, তেতিয়া তাক শিল যেন দেখি। এনেকুৱা শিলা তৰা ভাঙ্গি গুৰি কৰি চোৱা হৈছে। তাত যিবোৰ বস্তু ওলায়, প্ৰায় এটাইবোৰেই সূৰ্য্যত থকা বস্তু। নেজাল তৰা- বিলাক যে আদিতে সূৰ্য্যৰ পৰা বা সুৰ্য্যৰ অৱস্থাত থকা গ্ৰহৰ পৰা ওলাইছে, তাৰ ইও এটা প্ৰমাণ। কেতবিলাক তৰা আমাৰ বায়ুমণ্ডলত সোমাই সৰহ বাট যাবলৈ নৌপাওঁতেই উৱলি বা ফাটি ধ্বংস হয়, গতিকে সিহঁতৰ নেজ ওলাবলৈ