সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
হাতী-পটী, ধুমকেতু নেজাল তৰা আৰু পপীয়া তৰা।

নাপায়। এই বিলাক তৰাকেই আগত জুইৰ গোলক বোলা হৈছে।

 পপীয়া তৰা আমাৰ বায়ুমণ্ডলৰ বহুত ওপৰত থাকে। তাত সিহঁতক বাধা দিবলৈ একো নাই, সেই দেখি সিহঁতৰ নেজো নাই। কিন্তু দেখিবলৈ সিহঁত দীঘল-সজীয়া, কিয় দীঘল-সজীয়া, তাৰ কাৰণ অলপ ভাবি চালেই বুজিব পাৰি। গ্ৰহবিলাক বাগৰ সলাই ঘূৰে, আমাৰ পৃথিবীও বাগৰ সলাই ঘুৰে। সেই দেখি পৃথিবী আৰু আনবোৰ গ্ৰহ ঘূৰণীয়া; আৰু মেৰুৰ ফালে অলপ থেপেৰা। কিন্তু পপীয়া তৰা দলি যোৱাৰ দৰে যায়; ঘুৰি বাগৰ নসলায়। সি এই দৰে এক দিশলৈ মূৰ পোনাই অনন্ত কাল আকাশত গৈ আছে। এনে অৱস্থাত তাৰ কোমল বাষ্পৰ শৰীৰে অলপ দীঘলীয়া গঢ় নলৈ থাকিব নোৱাৰে। আমাৰ পৃথিবী দেখিবলৈ ঠিক এটা সুমথিৰা টেঙ্গাৰ নিচিনা। কিন্তু বাগৰ সলাই নুঘূৰি পপীয়া তৰাৰ দৰে একেৰাহে, এফাললৈ মূৰ কৰি গৈ থকা হেঁতেন সিও পপীয়া তৰাৰ নিচিনা জাং-দীঘলীয়া হল হেঁতেন।

⸺⸺