বোধ কৰো ধূমকেতু হয়। ধাৰৰ নেজৰ ভাগ অৱশ্যে সৰু। সেয়ে খণ্ড খণ্ড হৈ নেজাল তৰা হয়।
ধূমকেতুৰ নেজ তাৰ লগত ওপজা বস্তু নহয়। ধূমকেতু ওলাই পৰিলে, যি পিণ্ডৰ পৰা ওলায়, তাৰ আঁতিৰণি ঠেলাৰ প্ৰভাৱত কেতুটোৰ আৰু কিছুমান বস্তু এৰা দিয়ে, কিন্তু কেতুৰ হোঁপনিয়ে সেই বস্তু বোৰক একেবাৰে যাৰলৈ নিদি হুঁপি ধৰে। এতেকে সেই ভাগ বস্তু এটাৰ দীঘল নেজ যেন হৈ থাকে। নেজাল তৰাৰ নেজ আমাৰ বায়ুমণ্ডলতহে উৎপত্তি হয়। নেজাল তৰাবিলাক আকাশত মুকলিমূৰীয়া হৈ প্ৰকাণ্ড জাক বান্ধি ফুৰিব লাগিছে। জাক বুলিলে দুশ চাৰিশৰ বা দুহাজাৰ চাৰি হাজাৰৰ জাক বুজিব নালাগে, একোটা জাকত অৰ্ব্বুদ অৰ্ব্বুদ তৰা থাকে। এনেকুৱা জাক- উৰি যাওঁতে, কেতিয়াবা আমাৰ পৃথিৱীৰ বাটত পৰে, আৰু পৃথিবীৰে সৈতে ভেঁটাভেঁটি হয়। জাকবোৰ ইমান যোজন জুৰি যায়, যে পৃথিবী সৰকি যোৱা বাটটো তাৰ মাজত এটি সুৰুঙ্গা যেনহে হয়। পৃথিবী সেই সুৰুঙ্গাৰে যাওঁতে, কিছু মান তৰাই পৃথিবীক খেদি অহাদি আহে। তেতিয়া সেই কেইটা তৰাক আমি দেখিবলৈ পাওঁ; দিশ হেৰুৱাই অকলশৰে ফুৰা, জাকৰ বাজ হোৱা, গোনা নেজাল তৰাও কেতবিলাক আছে, সিহঁতকো পৃথিবীয়ে মাজে সময়ে লগ পায়। তৰবিলাকৰ বৰ বেগ, এক চেকেণ্ডত প্ৰায় ৪০ মাইলকৈ যায়। সেই দেখি সিহঁত ওলায়েই বিজুলী চমকে নাইকিয়া