পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪
সাহিত্য-সম্পদ।

কলৈ যায়, তাক গণনা কৰি উলিয়াবলৈ টান। অৱশ্যে যিবোৰে গ্ৰহৰ হোপনিত পৰি এটা নিৰ্দ্দিষ্ট কক্ষ লৈছে, সিহঁতৰ কথা বেলেগ। সিহঁত ঘূৰণ সমন্ধে প্ৰায় গ্ৰহ যেন হৈছে। সিহঁতৰ গতি থিতি গণনা কৰি উলিয়াব পাৰি, পণ্ডিতবিলাকে উলিয়া- ইছেও। এই শ্ৰেণীৰ ধূমকেতু কেতিয়া আকৌ ওলাবহি পণ্ডিত বিলাকৰ জনা আছে। ইহঁত প্ৰথমে ওলায়েই এফালে লৰ মাৰিছিল, পাচত গ্ৰহৰ আঁজোৰত ঘূৰি পকি ললে আজিও সিহঁত সেই গ্ৰহৰ কাণেৰে ঘূৰে। এই কথাৰ পৰা ফট- ফটীয়াকৈ বুজা যায়, যে এইবোৰ ধূমকেতুৰ কক্ষ একেবাৰে ঘূৰণীয়া নহয়, হাঁহকণীৰ নিচিনা দীঘল সজীয়া। ধূমকেতু এটাইবোৰেই এই দৰে গ্ৰহৰ আঁজোৰ খোৱা নাই। সিহঁতৰ কিছুমানক বাটত বাধোঁতা একো নোলাল। সিহঁত ওলাই যি লৰ মাৰিছিল, এতিয়াও সেই লৰতে চলি আছে। ইমান কালে সিহঁত কিমান বাট গৈছে, আৰু আগলৈ কিমান যাব, তাক গৰাকীয়েহে জানে, সি মানুহৰ জ্ঞান বুদ্ধিৰ বাজ।

 সুৰ্য্যৰ বা গ্ৰহৰ অগ্নি ফুটনিৰ সময়ত ওলাই যোৱা বস্তু- বোৰৰ ভিতৰত কোনবোৰ ধুমকেতু, আৰু কোন বোৰ নেজান তৰা হয়, তাৰ ব্যাখ্যা পোৱা নাযায়। কিন্তু প্ৰত্যেক ধূমকেতুৰ পাচত হেনো প্ৰকাণ্ড একো জাক নেজাল তৰা ফুৰে। তেনেহলে এই বিষয়ে এটা অনুমান কৰিব পাৰি। অগ্নি ফুটনিত ওলোৱা বস্তুবোৰ অবশ্যে এটা ধাৰ ধৰি ওলায়। সেই ধাৰটোৰ মুৰৰ ভাগটো ডাঙ্গৰ। সেই মূৰৰ ভাগেই