পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰঙ্গপুৰ নগৰৰ বিবৰণ

 ১৬২৭ শকত গদাধৰ সিংহ স্বৰ্গদেৱ স্বৰ্গী হোৱাত তেওঁৰ পুত্ৰ ৰুদ্ৰসিংহ সিংহাসনত উঠিল। ৰুদ্ৰসিংহ স্বৰ্গদেৱে মেটে- কাত ৰঙ্গপুৰ নামেৰে নগৰ পাতিলে। এই জন ৰজাই এই নগৰৰ বিশেষ উন্নতি কৰে। এওঁৰ পাছতো শিৱসিংহ, প্ৰমত্ত- সিংহ, আৰু ৰাজেশ্বৰ সিংহ স্বৰ্গদেৱে ইয়াৰ উন্নতি সাধে। ৰঙ্গপুৰ নগৰ দিখৌ বা দিক্ষু নদীৰ ওচৰত। ই দীঘলে তিনি মাইল মান আৰু পথালিএ এমাইলমান আছিল।

 ৰাজধানী নগৰৰ উজনীৰ ফালে ৰজাৰ নগৰ। ইয়াৰ চাৰিও ফালে ইটাৰ গড়। এই নগৰ দীঘলে এক মাইলৰ কিছু অধিক। এই নগৰৰ প্ৰবেশ কৰিবলৈ তিনিখন দুৱাৰ। দক্ষিণৰ খনক বড় দুৱাৰ, পূবৰ খনক পানীদুৱাৰ, পশ্চিমৰ খনক ন দুৱাৰ বোলে। উত্তৰ ফালে দুৱাৰ নাই। ঘৰ পাছ দেখি ঘৰ কাৰেঙ্গ বোলে। বড়দুৱাৰ পাৰ হই গ’লেই মানুহৰ ঘৰ পায়। চিপাহী, টেকেলা, বড়া প্ৰভৃতি ৰজাৰ কৰ্ম্মচাৰীসকল ইয়াত থাকে। ৰজাৰ বড় চ’ড়াৰ মুৰতে এটা বাট চ’ড়া। এই বাট চ’ড়া সোমাই বড় চ’ড়া পায়। ইয়াৰ চাৰিওফালে সুদা ঠাই। তাক খলা বলে। এই খলাৰ কাণতে ফুকন বড়ুয়া কি আন যি সকল বিষয়াই ৰাতি নগৰত থাকে সেই সকলৰ বহা বা পালি ঘৰ। বড় চ’ড়াত উঠিবৰ পূৰ্ব্বে যি সকল বিষয়াই