ভৰি ধোৱে সেই সকলৰ বহাও সেই ঠাইতে। এইবাৰ ঘৰক পানীচোৱা ঘৰ বোলে।
বড় চ’ড়াৰ ভেটি বড় ওব। এই ঘৰটো কেইবা খোটালিও ই দীঘলে টুপে সইতে ১২০ হাত আৰু পথালীয়ে কাথিৰে সইতে ৪০ হাত। বড় চ’ড়াৰ পৰা কিছু দূৰৈত ৰজাৰ টোল বা গড় ভিতৰ। ইয়াৰৰ চাৰিওফালে প্ৰাচীৰ। ইয়ালৈ প্ৰবেশ কৰাৰ তিনি খন দুৱাৰ। প্ৰথম ডঁৰিক দুৱাৰ। ইয়াক পাৰ হই দোলা কাসৰীয়া চ’ড়া। ইয়াত দোলা কাসৰীয়া আৰু সেই সকলৰ অধ্যক্ষ পহৰি স্বৰূপ থাকে। বড়দুৱাৰৰ অধ্যক্ষ কুকুৰাচোয়া বড়ুৱা। এওঁৰ অধীনতে নিৰ্দিষ্ট কৰ্মচাৰীএ সময় নিৰূপক দবা কোবায়। গড় ভিতৰত উজনী আৰু নামনীত দুখান দুৱাৰ। ইয়াক চাউডাঙ্গৰ দুৱাৰ বোলে। ৰজাৰ চাউডাঙ্গ বা অস্ত্ৰধাৰী, প্ৰহৰি আৰু ৰক্ষক থাকে। এই চাউডাঙ্গ দুৱাৰৰ উজনী খনক কাপুগঁয়া দুৱাৰ লিগিৰী দুৱাৰ আৰু মাটী ঘৰৰ দুৱাৰো বোলে। নামনী খনক কমলাবড়ীয়া দুৱাৰো বোলে, গোঁসাই ঘৰীয়া দুৱাৰো বোলে। উজনীখন দুৱাৰে ফুকন বড়ৱাৰ ঘৈণী সকল গড় ভিতৰলৈ যায়। এই দুৱাৰে গলেই কুঁৱৰী সকলৰ টোল পায়। নামনীখন চাউডাঙ্গৰ দুৱাৰে গলে গোঁসাই ঘৰ পায়। পৰ্ব্বতীয়া গোঁসাই প্ৰভৃতি ৰজাৰ গুৰু কেইজনা এই পিনে যায়। ডঁৰিকা দুৱাৰেই গড় ভিতৰৰ প্ৰধান পথ। চাউডাঙ্গ দুৱাৰৰ সমুখতে চাউডাৰ বৰ চ’ড়া।
চাউডাঙ্গহঁতে এই দুৱাৰ ৰক্ষা কৰে পৰিয়াবোৰে সময়ে
৩