পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
স্কাউট ।

এই উদ্দেশ্য সাধনৰ অৰ্থে মাজে সময়ে স্কাউট বিলাকক ঘৰৰ প্ৰৰা উলিয়াই হাবিয়ে বননিয়ে পানীয়ে বামে, লৈ ফুৰোৱা হয়। ঘৰ এৰি আন ঠাইলৈ গৈ কি দৰে নিজ নিজ কাম নিজে নিজে কৰিব লাগে আৰু দৈবাৎ বিপদ মিলিলে কেনেকৈ নিষ্কৃতি পাব পাৰি ঠাই বুজি সন্ধিৰ বাঁহ কেনেকৈ বুদ্ধিৰে কাটিব লাগে এই বোৰকে শিক্ষা দিবৰ কাৰণে এই উপায় উলিওৱা হৈছে। যাতে ভবিষ্যত জীৱনত সংসাৰ সোমালে স্কাউটে কোনো কথাতে বিবুদ্ধি হব নালাগে।

V

 ওপৰত উম্লেখ কৰা কথামতে আজি কালি সকলো ঠাইতে স্কাউট সংগঠন হব ধৰিছে। স্কাউট অনুষ্ঠানত অভিজ্ঞ লোক সকলে ভাবে যে দেশত এনে এটি স্কাউট নামেৰে তৰুণ সেৱক বৃন্দ গঠণ হলে দেশ ক্ৰমাৎ শান্তিময় হব আৰু সংসাৰ সুখৰ বিনন্দ বিলাস হৈ এখন অময়া পুৰী হব।

⸺⸺