পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
সাহিত্য-সম্পদ।


বিধি শিক্ষা কৰিব লাগে। স্কাউট বিলাকে স্কাউট হওতেই এই তিনটা প্ৰতিজ্ঞা কৰিব লাগে। (১) ঈশ্বৰৰ প্ৰতি ৰজাৰ প্ৰতি আৰু দেশৰ প্ৰতি কৰ্ত্তব্য পালন কৰিম। (৩) সদায় পৰৰ উপকাৰ চিন্তা কৰিম। (৩) স্কাউটৰ নিয়ম প্ৰণালী পালন কৰিম।

 ওপৰৰ কথা কেইটা প্ৰতিজ্ঞা কৰি স্কাউটে সদায় সকলো সময়তে কি দুখীয়া, কি সুখীয়া কি ৰোগী কি নিৰোগী, কি উচ্চজাতিৰ কি নিম্নজাতিৰ কি স্পৃশ্য কি অস্পৃশ্য সকলো শ্ৰেণীৰ সকলো তৰপৰ মানুহকে সহায় কৰিবলৈ প্ৰস্তুত থাকিব লাগে। স্কাউট বিলাক উপযোগী কৰ্ম্ম কৰিবলৈ ঘাইকৈ তিনি প্ৰকাৰে শিক্ষা দিয়া হয়।

 কেনেকৈ ৰুগীয়াক শুশ্ৰূষা কৰিব লাগে, আকস্মিক দুৰ্ঘটনা হলে যেনে:— পানিত ডুবিলে, জুইয়ে পুৰিলে হাড় ভাগিলে বৰকৈ তেজ ওলালে, সাপে কামুৰিলে গাৰীয়ে চেপিলে জুইয়ে পুৰিলে ইত্যাদি কেনেকৈ ততালিকে স্কাউটে সহায় কৰিব লাগে সেই বিষয় স্কুল পাতি শিক্ষা দিয়া হয়।

 (খ) স্কাউট বিলাকৰ মাজত কিছুমান খেলা বা ধেমালি ধুমুলা শিকোৱা হয়। যেনে এইবোৰ খেলাই স্কাউটৰ শাৰি- ৰীক উন্নতি কৰে আৰু গোটেট জাক স্কাউটৰ মাজত মিলা- প্ৰীতি ভাব বা বন্ধু ভাব স্থাপন কৰে।

 (গ) কেম্পিং ( camping) শিক্ষা দিয়া হয়। অৰ্থাৎ কেনেকৈ প্ৰবাস খাটিব লাগে সেই বিষয় আভাস দিয়া হয়।