পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
বুৰঞ্জী অধ্যয়ন

বাণিজ্য বিষয়ত শিল্প বাণিজ্য বিস্তাৰ হব ধৰিছে তাক বাণিজ্য বুৰঞ্জীয়ে আলোচনা কৰে।

 কোনো এখন দেশ কোনোবা ৰজাই চলাইছিল নে কোনোবা খেলৰ মুৰব্বিয়ে চলাইছিল, নাইবা প্ৰজাই সভা পাতি দেশ চলাইছিল, নে উমৈহতীয়া হিচাবে শাসন কাৰ্য্য চলিছিল ইত্যাদি বিষয়ৰ বিবৰণ শাসন কাৰ্য্য বুৰঞ্জীত পাওঁ। এক কথাত কবলৈ গলে দেশত প্ৰজাতন্ত্ৰ, সাধাৰণ তন্ত্ৰ স্বেচ্চা তন্ত্ৰ আদিৰ আলোচনা এই বিভাগত পৰে। লগতে দেশ যুদ্ধ, বিগ্ৰহ ইত্যাদীৰ কথাও জানিব পাৰি।

 বুৰঞ্জী অধ্যয়ন শিক্ষাৰ এটা প্ৰধান অঙ্গ। বুৰঞ্জী অধ্যয়ন নকৰিলে শিক্ষাৰ অঙ্গ সম্পূৰ্ণ নহয়।

 বুৰঞ্জীত আমি নানালোকৰ সজ অসজ বিবিধ পটন্তৰ পাওঁ। জীৱন চৰিত অধ্যয়ন কৰিও আমি উজ্জল পটন্তৰ পাব পাৰোঁ জীৱন চৰিতত এজন মানুহৰ মাথোন চৰিত্ৰৰ আলোচনা থাকে। কিন্তু বুৰঞ্জীত বহুজনৰ চৰিত্ৰ বৰ্ণোৱা থাকে। জীৱন চৰিতত যেই সেই এজনৰ তন্ন তন্নকৈ চৰিত্ৰ আলোচনা থাকে কিন্তু বুৰঞ্জীত চৰিত্ৰৰ আলোচনা বিশদভাবে নাথাকে। ইয়াত মুঠভাবে চৰিত্ৰৰ আলোচনা কৰা হয়। সেইবাবে কব পাৰি জীৱনীত চৰিত্ৰ এটীয়া কিন্তু বুৰঞ্জীত চৰিত্ৰ জাকতীয়া।

 বুৰঞ্জীৰ উদাহৰণবোৰে আমাৰ মনত এনেটো বিশ্বাস জম্মায় যে যি কাম আমাৰ নিচিনা মানুহে কৰিছে সেই কাম যত্ন