পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
সাহিত্য সম্পদ৷


কৰিলে আমিও কৰিব পাৰিম। যেনে এজনে দেশৰ স্বাধিনতাৰ অৰ্থে প্ৰাণ বিসৰ্জ্জন দিও দেশৰ গৌৰব ৰক্ষা কৰিছে, আন এজনে কঠোৰ ব্ৰত অৱলম্বন কৰি শৰীৰ ক্ষয় কৰি কোনো এটা বিষয়ত সিদ্ধি লাভ কৰিছে। দুৰঞ্জীত তেনেবোৰ উদাহৰণ পঢ়িলে, আমাকে সেই শ্ৰেণীৰ কাৰ্য্য কৰিবলৈ সততে সাহস আৰু উৎসাহ জন্মে।

⸻⸻