পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
সাহিত্য সম্পদ


উন্নতশীল জাতিবোৰৰ বিবৰণ বুৰঞ্জীৰ পৰা জানিলে কোনো এটা জাতিয়ে সেই ভাবে উন্নতি কৰিবলৈ দিহা কৰিব পাৰে, কিম্বা উন্নত জাতিটোৱেও আগৰ উন্নতিতকৈ কিমান আগুৱাইছে তাৰো গম ধৰিব পাৰে। তেনেকৈ কোনো এটা বিষয়ত এটা জাতিৰ পতন হলে পতনৰ কাৰণবোৰ বুৰঞ্জী পাঠৰ পৰা জানি লৈ সেই বিষয় সতৰ্ক হব পাৰি। এনেকৈ বুৰঞ্জীত নানা বিষয় সম্ভেদ আছে।

( 8 )

 মানুহ মাত্ৰেই অতীত গৌৰৱৰ বা অতীতৰ কাহিনী শুনিৱলৈ ভাল পায়। বুৰঞ্জী নোহোৱা হলে এইবোৰ বিষয় জানিবৰ আনএকো উপায় নাথাকিল হেতেন। বুৰঞ্জীক কেইবা প্ৰকাৰৰো হব পাৰে। সাহিত্য বুৰঞ্জী, জাতিৰ বুৰঞ্জী, বানিজ্য বুৰঞ্জী, শাসন কাৰ্য্যৰ বুৰঞ্জী, ইত্যাদি। সাহিত্য বুৰঞ্জীয়ে কোনো এটা ভাষাই কি দৰে উদগতি কৰি নাট উপন্যাস, কবিতা, পদ, গীত আদি বিভিন্ন বিভাগত কি ভাবে সাহিত্যৰ সম্পদ বঢ়াইছে তাক নিৰাকৰণ কৰে। জগতৰ যিবিলাক বেলেগ বেলেগ জাতি আছে সেই মানুহ জাতিয়ে কেনেকৈ খাপে খাপে আৰু সভ্যতাৰ জখলাত উঠিব ধৰিছে তাৰ সম্ভেদ দিয়ে। কোনো এখন দেশত বা এটা জাতিৰ মাজত কেনেকৈ বেহাবেপাৰৰ প্ৰচলন হৈছে। সেই বেহা- বেপাৰৰ অৱস্থা কেনে আছিল আৰু কেনেকৈ বিবিধ